ৰহস্যজনক! মোমায়েকৰ ঘৰলৈ ফূৰিবলৈ গৈ সন্ধানহীন আবিদ, পৰিয়ালত হাহাকাৰ…

এক ৰহস্যজনক ঘটনা।

মোমায়েকৰ ঘৰলৈ ফূৰিবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ।

সন্ধানহীন যুৱকজন কাটালপুৰ গাঁৱৰ সাহাৰ্য্য উদ্দিনৰ ১৪ বছৰীয়া পুত্ৰ আবিদ বুলি জানিব পৰা গৈছে।

জানিব পৰামতে, শনিবাৰে প্ৰায় আবেলি ৩মান বজাত কাটালপুৰ গাঁৱৰ পৰা ইচলাম নগৰ হৈ আলিম পুখুৰীস্থিত মোমায়েকৰ ঘৰলৈ বুলি ওলাই গৈছিল আবিদ।

কিন্তু নিশা প্ৰায় ১০ মান বজালৈকে মামাকৰ ঘৰত উপস্থিত নোহোৱাত পৰিয়ালৰ লগতে মোমায়েকৰ পৰিয়ালবৰ্গ চিন্তিত হৈ পৰে।

সন্ধানহীন কিশোৰজনক পৰিয়াল বৰ্গই বিভিন্ন স্থানত বিচাৰ-খোচাৰ কৰিও বৰ্তমানলৈকে কোনো ধৰণৰ সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই।

সন্ধানহীন কিশোৰ আবিদক কোনো লোকে প্ৰত্যক্ষ কৰিলে 99575-08135 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ অনুৰোধ জনাইছে।