মৰ্মান্তিক! সমনীয়াৰ সৈতে খেলি থকাৰ সময়তে বাটৰ কুকুৰৰ জাকৰ আক্ৰমণ ৩ বছৰীয়া কণমানিক, আঁচুৰি আঁচুৰি খালে গাৰ মঙহ, মৃত্যু

নিউজ ডেস্কঃ সমনীয়াৰ সৈতে খেলি থকাৰ সময়তে বাটৰ কুকুৰৰ জাকৰ আক্ৰমণৰ বলি হৈ প্ৰাণ হেৰুৱাবলগীয়া হ’ল এটি ৩ বছৰীয়া কণমানিয়ে।

এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে হিমাচল প্ৰদেশৰ হামিৰপুৰ জিলাৰ নগৰ পৰিষদৰ ৮ নং ৱাৰ্ডৰ নয়া নগৰত।

সমগ্ৰ দেশত কুকুৰৰ আক্ৰমণৰ কেইবাটাও শেহতীয়াকৈ সংঘটিত হোৱাক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে শুকুৰবাৰে সংঘটিত হয় এই ভয়ংকৰ ঘটনা।

জানিব পৰা মতে, হিমাচল প্ৰদেশত চাফাই কৰ্মী হিচাপে কাম কৰা পঞ্জাৱৰ হোছিয়াৰপুৰৰ নিৱাসী লখন ভগতে বিগত কেইবাবছৰ পৰিয়ালৰ সৈতে নয়া নগৰৰ এটা নলাৰ পাৰৰ বস্তিত বাস কৰি আহিছে।

শুকুৰবাৰে সন্ধিয়া লখন ভগতৰ ৩ বছৰীয়া কন্যা সন্তানটিয়ে বস্তিৰ আন আন শিশুৰ সৈতে ঘৰৰ সন্মুখত খেলি থকাৰ সময়তে হঠাৎ এটা বাটৰ কুকুৰৰ জাকে শিশুটিক আক্ৰমণ কৰে।

শিশুটিক নৰভক্ষী কুকুৰৰ জাকটোৱে ১০০ মিটাৰ দূৰৈৰ নলালৈ চোঁচৰাই নি গাৰ মঙহ আঁচুৰিবলৈ আৰম্ভ কৰে।

ইফালে এই ঘটনা প্ৰত্যক্ষ কৰি শিশুটিৰ আইতাকে বস্তিৰ আন আন লোকসকলক গতাই নলাৰ পাৰত উপস্থিত হয় যদিও তেতিয়ালৈকে মৃত্যু ঘটে শিশুটিৰ।

বস্তিবাসীয়ে জানিবলৈ দিয়া মতে, পূৰ্বেও এই বাটৰ কুকুৰৰ জাকে কেইবাটাও শিশুক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। শেহতীয়াকৈ বস্তিৰ এগৰাকী মহিলাও বাটৰ কুকুৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল।

শিশুটিৰ পৰিয়াল আৰু বস্তিবাসীয়ে এই বাটৰ কুকুৰৰ জাকটোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে।