উখল মাখল পৰিৱেশ! লখিমপুৰত একেলগে সম্পন্ন হ’ল ৫৯৮ হাল দম্পতীৰ বিবাহ

নিউজ ডেস্কঃ আয়তীৰ উৰুলি আৰু পুৰোহিতৰ মন্ত্ৰধ্বনিৰে মুখৰিত হৈ পৰিল লখিমপুৰ চহৰ। চহৰখনৰ ত্যাগ ক্ষেত্ৰত একেলগে সম্পন্ন হোৱা ৫ শতাধিক দম্পতীৰ বিবাহে উছৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত।

photo1659526294
উখল মাখল পৰিৱেশ! লখিমপুৰত একেলগে সম্পন্ন হ’ল ৫৯৮ হাল দম্পতীৰ বিবাহ 4

উল্লেখ্য যে, লখিমপুৰৰ সামুহিক বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত আৰু দ্য হান্স ফাউণ্ডেশ্যনৰ সহযোগত বুধবাৰে সামুহিক বিবাহ সম্পন্ন হয় ৫৯৮ টা যুটীৰ।

photo1659526349
উখল মাখল পৰিৱেশ! লখিমপুৰত একেলগে সম্পন্ন হ’ল ৫৯৮ হাল দম্পতীৰ বিবাহ 5

আৰ্থিকভাৱে দুৰ্বল আৰু বিভিন্ন কাৰণত বিবাহৰ পৰা বঞ্চিত হৈ থকা বিভিন্ন জাতি-জনগোষ্ঠীৰ ৫৯৮টা দম্পতীয়ে সামুহিক বিবাহৰ জৰিয়তে পৰম্পৰাগতভাৱে বিবাহ পাশত আৱদ্ধ হয়।

photo1659526395
উখল মাখল পৰিৱেশ! লখিমপুৰত একেলগে সম্পন্ন হ’ল ৫৯৮ হাল দম্পতীৰ বিবাহ 6

এক ব্যতিক্ৰমী পৰিৱেশত যুগ্ম জীৱনৰ পাতনি মেলা এই দম্পতীসকলৰ লগতে এই বিবাহ কাৰ্য সম্পন্ন কৰা উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছে বিভিন্নজনে।

আনহাতে এই সামুহিক বিবাহৰ সময়ত কেইবা শতাধিক লোকেৰে ভৰি পৰে লখিমপুৰৰ ত্যাগ ক্ষেত্ৰ।