ৰহস্যজনক বিস্ফোৰণ! জম্মু-কাশ্মীৰত শ্বহীদ ভাৰতীয় সেনাৰ দুজন জোৱান…

ৰহস্যজনক বিস্ফোৰণত শ্বহীদ ভাৰতীয় সেনাৰ দুজন জোৱান।

জম্মু-কাশ্মীৰ নৌচেৰা চেক্টৰত সংঘটিত হৈছে এই ঘটনা।

শনিবাৰে ভাৰতীয় সেনাৰ তৰফৰ পৰা এই তথ্য প্ৰকাশ কৰি কয় যে, ৰহস্যজনক বিস্ফোৰণত এজন ভাৰতীয় সেনা বিষয়া আৰু এজন সৈনিকে প্ৰাণ হেৰুৱাইছে।

বিস্ফোৰণটোত শ্বহীদ হোৱা বিষয়াজনক লেফটেনেণ্ট ঋষি কুমাৰ আৰু চিপাহীজন মনজিৎ সিং।

হোৱাইট নাইট কৰ্পছে সীমান্ত বিস্ফোৰণত শ্বহীদ হোৱা সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জনাইছে।

কৰ্পছে জানিবলৈ দিয়া অনুসৰি লেফটেনেণ্ট ঋষি কুমাৰ আৰু চিপাহী মনজিৎ সিঙে নিয়ন্ত্ৰণ ৰেখাত তেওঁলোকে কৰ্তব্য পালন কৰি থকা সময়তে এই ঘটনা সংঘটিত হয়।

Leave a Comment