ভয়ংকৰ দুৰ্ঘটনা! দ’ খাৱৈত বাগৰিল চাৰি টেট পৰীক্ষাৰ্থীসহ বাহন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দ’ খাৱৈত বাগৰিল চাৰি টেট পৰীক্ষাৰ্থী কঢ়িয়াই নিয়া বাহন।

কাছাৰৰ ৰাণীঘাটৰ কুমাৰপাড়াত সংঘটিত হৈছে এই ভয়াৱহ পথ দূৰ্ঘটনাটো।

শিলচৰত টেট পৰীক্ষা দিবলৈ কৰিমগঞ্জৰ পৰা আহি থকা নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ দ’ খাৱৈত বাগৰি পৰে বাহনখন।

কথামাপি প্ৰাণ ৰক্ষা পৰে চাৰিজনকৈ টেট পৰীক্ষাৰ্থীৰ।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

ঘটনাত দৈবক্ৰমে কেউগৰাকী টেট পৰীক্ষাৰ্থী প্ৰাণ ৰক্ষা পৰে যদিও কিছু পৰিমানে কেউজনেই আহত হৈছে, বাহনখনৰ চালকজনো দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত।

স্থানীয়সকলে দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰি কেউজনকে উদ্ধাৰ কৰাৰ লগতে আহত চালককো উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে৷

আনহাতে আটাইকেজন পৰীক্ষাৰ্থীক পৰীক্ষাকেন্দ্ৰলৈ প্ৰেৰণ কৰে স্থানীয় লোক সকলে।

Leave a Comment