ৰহস্যজনকভাৱে সন্ধানহীন এগৰাকী সদ্য বিবাহিত যুৱক, শৰাইঘাট দলঙত উদ্ধাৰ বাইক, চেণ্ডেল…

এক চাঞ্চল্যকৰ ঘটনা।

ৰহস্যজনকভাৱে সন্ধানহীন এগৰাকী সদ্য বিবাহিত যুৱক।

নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত আদাবাৰী গাঁৱৰ এগৰাকী ত্ৰিশ বছৰীয়া যুৱক সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰামতে আদাবাৰী গাঁৱৰ প্ৰয়াত মাধৱ কলিতাৰ পুত্ৰ পূর্ণজ্যোতি কলিতা সন্ধানহীন হৈ আছে।

ইপিনে পূর্ণজ্যোতি কলিতাৰ এ এছ ২৫ এম ৬৮৪২ নম্বৰৰ গ্লেমাৰ মটৰ চাইকেলখন আৰু চেণ্ডেলযোৰ শৰাইঘাট দলঙৰ ওপৰত জালুকবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰিছে।

উল্লেখ্য যে, ১০ মাহ পূর্বে বেলশৰ থানাৰ অন্তৰ্গত নিজতাপা গাঁৱৰ এগৰাকী যুৱতীৰ সৈথে সামাজিকভাবে বিবাহ পাশত আবদ্ধ হৈছিল পূর্ণজ্যোতি কলিতা।

জানিব পৰা মতে, বিয়াৰ পিছৰে পৰা পূর্ণজ্যোতিৰ মাতৃ প্রতিমা কলিতাৰ সৈতে বিভিন্ন কথাত চলি আহিছিল মতানৈক্য।

সোমবাৰেও অনুৰূপ ঘটনাক লৈ আৰক্ষীৰ কাষ চাপিছিল পূর্ণজ্যোতিৰ মাতৃ প্রতিমা কলিতা।

জানিব পৰামতে মাতৃয়ে আদাবাৰী পহৰা চকীত পুত্ৰ পূর্ণজ্যোতি কলিতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাত আদাবাৰী আৰক্ষীয়ে পূৰ্ণজ্যোতিক আৰক্ষী চকীলৈ মাতি পঠিয়ায়।

কিন্তু পূৰ্ণজ্যোতিয়ে আৰক্ষী ঘৰলৈ যোৱা কথাটো সহজভাৱে মানি ল’ব নোৱাৰিলে। আৰক্ষীয়ে পূর্ণজ্যোতিৰ ঘৰ এৰাৰ পিচতে লাজে-অপমানে তেওঁ গৃহৰ পৰা মটৰ চাইকেলেৰে ওলাই যায়। পূর্ণজ্যোতিয়ে ঘৰ এৰা পূর্বে পত্নীক আৰু কোনোকালে উভতি নহাৰ কথা কৈছিল।

সন্ধিয়ালৈ পূর্ণজ্যোতিৰ মটৰ চাইকেল, হেলমেট আৰু চেণ্ডেল শৰাইঘাট দলঙৰ ওপৰত উদ্ধাৰ হোৱাৰ পিচৰে পৰা কান্দোনৰ ৰোল উঠিছে পৰিয়ালটোত বিশেষকৈ কান্দি কান্দি ভাগৰি পৰা পত্নীৰ স্বাস্থ্যৰ অৱনতি ঘটাত আদাবাৰীস্থিত মহাত্মা গান্ধী আদর্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ইপিনে আজি পুৱা ঘটনা সংক্ৰান্তত জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পূৰ্ণজ্যোতিৰ পৰিয়ালে।