শোকাৱহ! ঘন কুঁৱলীৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হৈ মৃত্যু শৰীৰচৰ্চাবিদ সিদ্ধাৰ্থ বৰগোহাঁইৰ…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিলে এগৰাকী শৰীৰচৰ্চাবিদে।

নাৰায়ণপুৰত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো।

নাৰায়ণপুৰৰ ভোগপুৰ উৰণ সেতুৰ সমীপত এই দুৰ্ঘটনা।

ঘন কুঁৱলীৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল ধেমাজিৰ পৰা গুৱাহাটী অভিমুখী বাহন।

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় ধেমাজিৰ শৰীৰচৰ্চাবিদ সিদ্ধাৰ্থ বৰগোহাঁই।

আনহাতে দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হৈছে পুলকেশ গগৈ নামৰ আন এজন যুৱক।

দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS22 G7525..