শোকাৱহ! তীব্ৰবেগী বাইকৰ খুন্দাত মৃত্যুক সাৱটিলে অধিবক্তা তথা এটি ৯ মহীয়া সন্তানৰ পিতৃ দেৱজিৎ বৰুৱাই

এক শোকাৱহ ঘটনা।

তীব্ৰবেগী বাইকৰ খুন্দাত গুৰুতৰভাৱে আহত হোৱা অধিবক্তা দেৱজিৎ বৰুৱাৰ মৃত্যু।

৩১ ডিচেম্বৰৰ সন্ধিয়া ধেমাজি উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত বাইকৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছিল ধেমাজি আদালতৰ অধিবক্তা তথা ধেমাজি নগৰৰ ৩ নং ৱাৰ্ডৰ সৰবৰহী যুৱক দেৱজিৎ বৰুৱা।

কিন্তু অৱশেষত মৃত্যুৰে হাৰ মানিলে দেৱজিতে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৩ বছৰ।

উল্লেখ্য যে,৩১ ডিচেম্বৰত সন্ধিয়া ঘৰৰ পৰা বজাৰ কৰিবলৈ ওলাই অহা অধিবক্তা দেৱজিৎক ধেমাজি উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখতে বিপৰীত দিশৰ পৰা অহা এখন দ্ৰুতবেগি মটৰচাইকেলে খুন্দা মাৰে।

ফলত অধিবক্তা বৰুৱাই মূৰ, মুখমণ্ডল, পিঠি আৰু হাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।

ঘটনাৰ পিছতেই তেওঁক তৎতাতৈয়াকৈ ধেমাজি নগৰৰ এখন ব্যক্তিগত নাচিংহোমলৈ লৈ যোৱা হৈছিল।

পৰৱৰ্তী সময়ত তেওঁক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ ব্যক্তিগত আদিত্য নাচিংহোমত ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাত মৃত্যুক আকোৱালি লয়।

মৃত্যুৰ সময়ত অধিবক্তা দেৱজিতে পত্নীসহ এটি ৯ মহীয়া সন্তানৰ সৈতে পিতৃ-মাতৃ ,এজন ককায়েক এৰি থৈ যায়।