ৰখাই থোৱা কণ্টেইনাৰত পিছফালৰ পৰা প্ৰচণ্ড খুন্দা, ২ শিশুসহ একেটা পৰিয়ালৰ ৬ সদস্যৰ মৃত্যু

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ শিশুসহ ৬ সদস্যই।

উত্তৰ প্ৰদেশৰ বাৰাবাঁকী জিলাত বুধবাৰে পুৱতি নিশা সংঘটিত ভয়ংকৰ দুৰ্ঘটনাই অঞ্চলটোত শোকৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, গুজৰাটৰ চুৰাটৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত অযোধ্যা জিলাৰ দুটি শিশুসহ ৬ জন লোকৰ কৰুণ মৃত্যু ঘটে।

P1
ৰখাই থোৱা কণ্টেইনাৰত পিছফালৰ পৰা প্ৰচণ্ড খুন্দা, ২ শিশুসহ একেটা পৰিয়ালৰ ৬ সদস্যৰ মৃত্যু 3

নিহতসকলৰ ভিতৰত পাত্ৰাঙ্গা আৰক্ষী থানা অঞ্চলৰ এহাল দম্পতী আৰু তেওঁলোকৰ দুই সন্তান থকাৰ লগতে আন দুজন ৰুধৌলী আৰক্ষী থানা অঞ্চলৰ নিবাসী আছিল। আটাইকেইজন মৃত একেটা পৰিয়ালৰে সদস্য আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

বাতৰি অনুসৰি, বুধবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত অযোধ্যা-লক্ষ্ণৌ ঘাইপথৰ ৰামচানেহাইগাত কোটৱালী অঞ্চলৰ নাৰায়ণপুৰৰ ওচৰত সংঘটিত হয় এই ভয়াবহ দুৰ্ঘটনা।

জানিব পৰা মতে, একেটা পৰিয়ালৰ সদস্য কেইজনে একেলগে এখন বাহনেৰে অযোধ্যা অভিমুখে আহি থকাৰ সময়তে পথৰ দাঁতিত ৰখাই থোৱা কণ্টেইনাৰত পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে।

11
ৰখাই থোৱা কণ্টেইনাৰত পিছফালৰ পৰা প্ৰচণ্ড খুন্দা, ২ শিশুসহ একেটা পৰিয়ালৰ ৬ সদস্যৰ মৃত্যু 4

এই দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে দুৰ্ঘটনাৰ পিছত তেওঁলোকৰ বাহনখনৰ চকা বহু দুৰলৈকে উফৰি পৰে।

ইফালে দুৰ্ঘটনাৰ খবৰ লাভ কৰি লগে লগে ঘটনা স্থলীত আৰক্ষীৰ দল উপস্থিত হৈ গুৰুতৰভাৱে আহত ৬ জনকে হাস্পতাললৈ প্ৰেৰণ কৰে যদিও হাস্পতালত আটাইকেইজনকে মৃত ঘোষণা কৰে চিকিৎসকে।

নিহত সকলক ক্ৰমে- অযোধ্যা জিলাৰ পাত্ৰঙ্গা আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত পাৰ্চাউৰ বাসিন্দা অজয় কুমাৰ যাদৱ (২৫), ৰুদাউলি আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত ৰাছুলপুৰৰ অজয় কুমাৰ বাৰ্মা (৩৪) তেওঁৰ ভাতৃ ৰাম জনম (২৮), পত্নী স্বপ্না (২৮), পুত্ৰ আৰ্যন (৮) আৰু য়শ (১০) বুলি চিনাক্ত কৰা হৈছে।

Leave a Comment