কেফেৰ পৰা উভতাৰ পথত দুৰ্ঘটনাত পতিত হৈ ৪ শিক্ষাৰ্থীৰ মৃত্যু, আহত দুজন

নিউজ ডেস্ক। শোকাবহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৪ বন্ধুৱে!

বুধবাৰে কৰ্ণাটকৰ বেংগালুৰু গ্ৰাম্য জিলাৰ ৭৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক পথ দুৰ্ঘটনাত এগৰাকী যুৱতীসহ একেখন মহাবিদ্যালয়ৰ ৪ শিক্ষাৰ্থী বন্ধুৱে প্ৰাণ হেৰুৱায়।

দুৰ্ঘটনাত আন দুজন শিক্ষাৰ্থী গুৰুতৰভাৱে আহত হয়।

নিহত শিক্ষাৰ্থী কেইজনক ক্ৰমে- বৈষ্ণৱী, ভাৰত, চিৰিল আৰু ভেংকট বুলি চিনাক্ত কৰা হৈছে। আহতসকলক চিৰি কৃষ্ণা আৰু অংকিতা ৰেড্ডী বুলি চিনাক্ত কৰা হৈছে।

1 4
কেফেৰ পৰা উভতাৰ পথত দুৰ্ঘটনাত পতিত হৈ ৪ শিক্ষাৰ্থীৰ মৃত্যু, আহত দুজন 3

আৰক্ষীয়ে জনোৱা অনুসৰি, বেংগালুৰুৰ গাৰ্ডেন চিটি কলেজৰ শিক্ষাৰ্থী কেইজনে কোলাৰৰ এখন কেফে চেণ্টাৰৰ পৰা উভতি অহাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰা মতে, চালকজনে বাহনখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ ফলত ৰাস্তাৰ ডিভাইডাৰত খুন্দা মাৰে আৰু এখন ট্ৰাকৰ তলত সোমাই পৰে।

2 1
কেফেৰ পৰা উভতাৰ পথত দুৰ্ঘটনাত পতিত হৈ ৪ শিক্ষাৰ্থীৰ মৃত্যু, আহত দুজন 4

আৰক্ষীয়ে জানিবলৈ দিয়া মতে অত্যাধিক দ্ৰুত গতিৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।

আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা শিক্ষাৰ্থী কেইজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। হোচাকোট আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Leave a Comment