বিশেষ প্ৰযুক্তি উদ্ভাৱনেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসম কন্যা ড০ হৰ্ষিতা গগৈ

নিউজ ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে অসম কন্যা ড০ হৰ্ষিতা গগৈ। অসমীয়া পৰিৱেশ বিজ্ঞানীগৰাকীয়ে জৈৱ প্ৰযুক্তি ব্যৱস্থাপনাৰ জৰিয়তে পানী পৰিশোধন প্ৰযুক্তি উদ্ভাৱন কৰি বিশ্বৰ পৰিৱেশ বিজ্ঞানী সকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

গুৱহাটীত জন্মগ্ৰহণ কৰা ড০ হৰ্ষিতা গগৈৰ এই উদ্ভাৱনে পানী পৰিশোধন ক্ষেত্ৰক এক বৈপ্লৱিক পৰিবৰ্তন আনিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।

photo1661068000
বিশেষ প্ৰযুক্তি উদ্ভাৱনেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসম কন্যা ড০ হৰ্ষিতা গগৈ 3

উল্লেখ্য যে, ড০ গগৈৰ এই উদ্ভাৱনৰ জৰিয়তে বৰ্জিত পানীত মিহলি হৈ থকা অতি বিষাক্ত পদাৰ্থ তথা ছালফেটৰ নিৰ্গত কৰি শোধন কৰিব পৰা যাব।

photo1661068595
বিশেষ প্ৰযুক্তি উদ্ভাৱনেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসম কন্যা ড০ হৰ্ষিতা গগৈ 4

প্ৰণিধানযোগ্য যে, ড০ হৰ্ষিতা গগৈয়ে ফিনলেণ্ডৰ ওলু বিশ্ববিদ্যালয়ৰ পৰা পৰিৱেশ অভিযান্ত্ৰিক পাঠ্যক্ৰমত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ পিছত তাৰ পৰাই পিএইচডি ডিগ্ৰীও গ্ৰহণ কৰে। ইয়াৰ পিচতে তেওঁক ফিনলেণ্ডৰ চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠান হেলছিংকি আঞ্চলিক পৰিবেশ সেৱাৰ বাবে বাছনি কৰা হয়।

বৰ্তমান আমেৰিকাত স্বামীৰ সৈতে বাস কৰা ড০ হৰ্ষিতা গগৈ ইভাকুৱা বাটাৰ টেকন’লজি নামৰ কোম্পানীটোৰ গৱেষণা আৰু উন্নয়ন অভিযান্ত্রিক প্রকল্প মেনেজাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ এই উদ্ভাৱনৰ বাবে কোম্পানীটোৰ সহযোগত পেটেণ্ট বিচাৰি আমেৰিকাত আবেদন জনাইছে।