ৰাষ্ট্ৰীয়অসমীয়া

৭ বছৰ ধৰি পত্নীৰ নিৰ্যাতনৰ বলি বিদ্যালয়ৰ প্ৰধান শিক্ষক! কাষ চাপিলে ন্যায়ালয়ৰ

নিউজ ডেস্কঃ ৭ বছৰ পূৰ্বে প্ৰেম বিবাহ কৰিছিল তেওঁলোকে। প্ৰথমাৱস্থাত সকলো ঠিকেই আছিল।

কিন্তু লাহে লাাহে পত্নীৰ উপদ্ৰৱ যেন বাঢ়িবলৈ ধৰে। প্ৰথমে গালি গালাজ, কিন্তু তাৰ পিছত শাৰিৰীকভাৱে প্ৰহাৰ কৰিবলৈ ধৰে পত্নীয়ে।

কেতিয়াবা যদি ক্ৰিকেট খেলা বেটেৰে, কেতিয়াবা আকৌ পাকঘৰৰ ইটো সিটো সঁজুলিৰে স্বামীক প্ৰহাৰ কৰে প্ৰেমিকে। যাৰ বাবে অতীষ্ঠ হৈ পত্নীৰ প্ৰহাৰৰ পৰা পৰিত্ৰাণ বিচাৰি আদালতৰ দাৰস্থ হ’বলগীয়া হয় স্বামী।

p1 11

এই ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ এগৰাকী প্ৰধান শিক্ষকৰ লগত।

ৰাজ্যখনৰ এথন চৰকাৰী বিদ্যালয়ৰ এগৰাকী প্ৰধান শিক্ষকে পত্নীয়ে তেওঁক মাৰধৰ কৰাৰ অভিযোগ তুলি দাৰস্থ হৈছে আদালতৰ।

অজিত যাদৱ নামৰ শিক্ষকগৰাকীৰ মতে, যোৱা ৭ বছৰত তেওঁ এবাৰোলৈও পত্নীৰ ওপৰত ভুলতো হাত তুলি পোৱা নাই। কিন্তু পত্নী সুমনা যাদৱে প্ৰায়ে নতুন নতুন অজুহাত উলিয়াই প্ৰহাৰ কৰে তেওঁক।

আনকি সন্তানৰ সন্মুখতো তেওঁক পত্নীয়ে প্ৰহাৰ কৰাৰ অভিযোগ তুলিছে অজিত যাদৱে।

পত্নীয়ে তেওঁক প্ৰহাৰ কৰাৰ কেইটামান ভিডিঅ’ প্ৰমাণ হিচাপে আদালতত দাখিল কৰিছে প্ৰধান শিক্ষক অজিত যাদৱে। সেই ভিডিঅ’সমূহ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমতো।

p2 11

ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে এগৰাকী মহিলাই হাতত বেট লৈ এজন ব্যক্তিক পিছে পিছে খেদি আছে।

আন এটা ভিডিঅ’ত সন্তানৰ সন্মুখতে পুৰুষজনৰ ওপৰত হাত দাঙি থকা দেখা গৈছে মহিলাগৰাকীক।

অজিত যাদৱে প্ৰকাশ কৰা মতে, পত্নীয়ে তেওঁক প্ৰহাৰ কৰাৰ দৃশ্য ঘৰত চিচি কেমেৰা লগাই প্ৰমাণ স্বৰূপে তেওঁ ৰেকৰ্ড কৰিছিল।

ইফালে, শিক্ষক অজিত যাদৱৰ অভিযোগৰ তদন্তৰ বাবে আৰক্ষীক নিৰ্দেশ দিছে আদালতে।

একে সময়তে অনাগত দিনত পত্নীৰ প্ৰহাৰৰ পৰা তেওঁক ৰক্ষা কৰিবলৈও নিৰ্দেশ প্ৰদান কৰিছে আদালতে।

Leave a Reply

Your email address will not be published. Required fields are marked *