অসম

ময়াে জইন কৰিম! ফেচবুকত কমেন্ট দি গ্ৰেপ্তাৰ হোৱা নৱজ্যােতি দাসৰ মুক্তিৰ দাবীত প্ৰতিবাদ…

ছ’চিয়েল মিডিয়াত আলফালৈ যাম বুলি প’ষ্ট দি গ্ৰেপ্তাৰ হোৱা যোৰহাটৰ নৱজ্যােতি দাসৰ মুক্তিৰ দাবীত উত্তাল প্ৰতিবাদ।

আলফা সংক্ৰান্তীয় এটা বাতৰি ফেচবুকত শ্বেয়াৰ কৰি নৱজ্যোতি দাসে লিখিছিল- ‘ময়ো জইন কৰিম।’

image 117

ইয়াৰ পিছতে আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে।

খুটীয়াপোতা অঞ্চলৰ দিন হাজিৰা কৰি কোনোমতে পেট প্ৰৱৰ্তোৱা পৰিয়ালৰ যুৱক নৱজ্যোতি দাসৰ মুক্তিৰ দাবীত আজি চহৰৰ এ টি ৰোড অৱৰোধ কৰি গাঁওবাসীয়ে প্রতিবাদ সাব্যস্ত কৰে।

প্রায় ডেৰ ঘণ্টা ধৰি অঞ্চলটোৰ ৰাইজে প্ৰতিবাদ কৰি চহৰখনৰ ৰাজপথ উত্তাল কৰি তোলে।

ইপিনে পুত্ৰৰ মুক্তিৰ দাবীত প্রতিবাদ সাব্যস্ত কৰি থকা অৱস্থাতে অচেতন হৈ পৰে যুৱকজনৰ মাতৃ। ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

image 116

প্ৰতিবাদকাৰী ৰাইজে আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয়– অপৰাধ যদি একেই হয়, তেন্তে আইন সকলোৰে বাবে সমান নহয় নেকি? যদি এজন সাধাৰণ যুৱকে স্পষ্ট ইংগিত নিদিয়াকৈ আলফাত যোগদান কৰিম বুলি ছ’চিয়েল মিডিয়াৰ প’ষ্টত কমেন্ট দিয়ে আৰু তাকে অপৰাধ বুলি গণ্য কৰি আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে। তেন্তে সংবিধানৰ নামত শপত খাই খোদ ৰাজ্য চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰীয়ে নিষিদ্ধ, ঘোষিত সংগঠন আলফাৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা খোজাটো অপৰাধ নহয় নেকি?

আজি আৰক্ষীয়ে আলফাৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা ভিক্ষা কৰা কেবিনেট মন্ত্রী সঞ্জয় কিষাণক কিয় গ্রেপ্তাৰ কৰা নাই বুলিও প্ৰতিবাদকাৰী সকলে প্ৰশ্ন উত্থাপন কৰে।

আনহাতে যুৱকজনৰ পিতৃ-মাতৃয়ে প্রতিবাদস্থলীত কয়- আমাৰ ল’ৰাটোৱে অসম আৰক্ষী অথবা অর্ধসামৰিক বাহিনীত যোগদান কৰাৰ উদ্দেশ্যৰে কঠোৰ শাৰীৰিক অনুশীলন কৰিছিল। ২০১৮ চনৰ পৰাই নিজকে প্ৰস্তুত কৰি সি এছ এছ চি আৰু অসম আৰক্ষীৰ নিযুক্তিৰ পৰীক্ষাত আঠবাৰকৈ অৱতীৰ্ণ হৈছিল। কিন্তু সি কষ্ট কৰিও চাকৰিৰ মুখ নেদেখিলে। যাৰ বাবে সি হতাশ হৈ পৰিছিল। মানসিকভারে ভাগি পৰি সি যোৱা ১৭ মে’ত এটা টিভি চেনেলৰ বাতৰিৰ আঁত ধৰি ছ’চিয়েল মিডিয়াত ‘ময়ো জইন কৰিম’ বুলি এটা কমেন্ট দিছিল। এয়াই আছিল আমাৰ পুত্ৰৰ অপৰাধ।

image 118

লগতে কয়- যোৱা ২১ মে’ৰ নিশা প্রায় ১০ বজাত এদল আৰক্ষীয়ে নৱজ্যোতিক ঘৰৰ পৰাই উঠাই আনে। কিন্তু আৰক্ষীয়ে পিচদিনা পুৱা ১০ বজাত এটা চহী কৰোৱাই এৰি দিয়া হ’ব বুলিও পৰিয়ালক অৱগত কৰি আহে। আৰক্ষীৰ কথামতেই যুৱকজনৰ পৰিয়ালৰ লোক পুৱাই থানাত হাজিৰ হয় যদিও আৰক্ষীয়ে কোনো গুৰুত্বই নিদিলে। বৰঞ্চ পিচতহে পৰিয়ালৰ লোকে জানিব পাৰে যে উক্ত অপৰাধৰ বাবে আৰক্ষীয়ে নৱজ্যোতি দাসক ২০১৯ চনতেই ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰে।

উল্লেখ্য, ২০১৯ চনৰ মে’ মাহত যোৰহাট চহৰৰ বৰুৱা চাৰিআলিত কোনো দুষ্কৃতিকাৰীয়ে আলফা সংক্রান্তীয় দুখনমান প’ষ্টাৰ আঁৰিছিল। আৰক্ষীয়ে এই সম্পর্কত তেতিয়াই ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি) ১২১/১২১ (এ) আৰ/এন ছেকচন ১০/১৩ ইউ এ (পি) এক্ট ১৯৬৭ ধাৰাৰ অধীনত ৩১০৩/২০১৯ নম্বৰত এটা গোচৰ ৰুজু কৰিছিল।

প্রায় তিনি বছৰৰ পিচত আৰক্ষীয়ে উক্ত গোচৰৰ ভিত্তিতেই নৱজ্যোতি দাসক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *