৭ জুনলৈ বৃদ্ধি তৃতীয়-চতুর্থ বৰ্গৰ পদৰ আবেদনৰ সময়সীমা
চৰকাৰী বিভাগসমূহৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাছনি প্ৰক্ৰিয়াৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধীনত প্ৰাৰ্থীসকলে চাকৰিৰ বাবে আবেদনৰ সময়সীমা অহা ৭ জুনলৈ বৃদ্ধি কৰা হৈছে।
সেইমৰ্মে দুয়োখন আয়োগৰ সচিবে জাননী জাৰি কৰিছে।
উল্লেখ্য যে যোৱা ২৫ মাৰ্চত আয়োগে প্ৰাৰ্থীসকলৰ পৰা আবেদন বিচাৰি বিজ্ঞাপন দিছিল।
সম্প্রতি আবেদনৰ সময়সীমা অহা ৭ জুনলৈ বৃদ্ধি কৰা হ’ল।
উল্লেখ্য যে, অনলাইনযোগে কৰা আবেদনহে আয়োগে গ্ৰহণ কৰিছে।