অভিষেক ছিজনতে ইতিহাস ৰচিলে IPLৰ নৱাগত দল গুজৰাট টাইটানচে।
ৰাজস্থানক হৰুৱাই আইপিএলৰ ২০২২ বৰ্ষৰ নতুন চেম্পিয়ন গুজৰাট টাইটানচ।

দেওবাৰে নিশা গুজৰাটৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানচৰ মাজৰ ফাইনেল খেলখনত গুজৰাট টাইটানচে ৰাজস্থান ৰয়েলছক ৭ উইকেটৰ বিনিময়ত পৰাস্ত কৰি চেম্পিয়ন হয়।

গুজৰাট টাইটানচক ১৩১ ৰাণৰ লক্ষ্য বান্ধি দিছিল ৰাজস্থান ৰয়েলচে।
গুজৰাট টাইটানছে অতি সহজে তিনিটা উইকেট হেৰুৱাই ১৮.১ অভাৰত অতিক্ৰম কৰি ফাইনেলত বিজয়ৰ হাঁহি মাৰে।
গুজৰাট টাইটানছৰ অধিনায়ক হাৰ্দিক পাণ্ডেয়াই ফাইনেলত মেন অফ দা মেচৰ সন্মান লাভ কৰে।

উল্লেখ্য যে, ৰাজস্থান ৰয়েলছৰ দুই খেলুৱৈ ক্ৰমে জছ বাটলাৰ আৰু য়ুবেন্দ্ৰ চাহালে প্ৰতিযোগিতাখনৰ সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন আৰু বলাৰ হিচাপে পৰিগণিত হয়।









