আন্তঃৰাষ্ট্ৰীয়অসমীয়া

৭৪ বছৰৰ পিছত পুনৰ মিলন ঘটিল দেশ বিভাজনৰ সময়ত বিচ্ছিন্ন দুই ভাতৃৰ!

পাকিস্তানৰ গুৰুদ্বাৰা দৰবাৰ চাহিবক ভাৰতলৈ সংযোগ কৰা কৰতাৰপুৰ কৰিডৰত দুজন অশীতিপৰ ভাতৃৰ পুনঃ মিলনৰ এটা আৱেগিক ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে।

জানিব পৰা মতে, ৭৪ বছৰ পূৰ্বে ভাৰত বিভাজনৰ সময়ত পৃথক হৈছিল মহম্মদ চিক্কিক আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ হাবিব।

প্ৰতিবেদন অনুসৰি, বিভাজনৰ সময়ত কেঁচুৱা হৈ থকা মহম্মদ চিক্কিক পাকিস্তানত আছিল আৰু এতিয়া ফৈছলাবাদত বাস কৰে।

আনহাতে, তেওঁৰ জ্যেষ্ঠ ভাতৃ হাবিব ওৰফে শ্বেলা সেই সময়ত ভাতৃৰ পৰা পৃথক হৈ ভাৰততে ডাঙৰ দীঘল হয়।

ভিডিঅ’টোত দেখিবলৈ পোৱা মতে দুই ভাতৃয়ে ৭৪ বছৰৰ পিছত ইজনে সিজনক লগ পাই আৱেগত উচুপি উঠে আৰু আলিংগন কৰে।

অশ্ৰুসিক্ত পুনৰ্মিলনৰ পিছত, দুয়ো ভাতৃয়ে একেলগে আহাৰ গ্ৰহণ কৰে।

সুদীৰ্ঘ ৭৪ বছৰৰ পিছত দুই ভাতৃৰ এই পুনৰ মিলনৰ দৃশ্যই আবেগিক কৰি তুলিছে নেটিজেন সকলকো।

উল্লেখ্য যে, কৰতাৰপুৰ কৰিডৰটো ২০১৯ চনত মুকলি কৰা হৈছিল আৰু ভাৰতৰ পৰা পাকিস্তানলৈ সীমান্তৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ দূৰত্বত থকা কৰতাৰপুৰলৈ ভিছা-মুক্ত যাত্ৰাৰ অনুমতি দিয়া হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *