অসমঅসমীয়া

ক’ভিড-১৯ত আক্ৰান্ত জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মা

কোভিড-১৯ত আক্ৰান্ত হৈছে অসম কংগ্ৰেছৰ নেত্ৰী ববিতা শৰ্মা।

ছ’চিয়েল মিডিয়াত পোষ্ট কৰি এই কথা জানিবলৈ দিয়ে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

1

সামাজিক মাধ্যমত তেওঁ কোভিড আক্ৰান্ত হোৱাৰ বিষয়ে জানিবলৈ দি কয়, ‘কোভিডৰ প্ৰথম আৰু দ্বিতীয় ঢৌত মই অসম বিধানসভা নিৰ্বাচন, ২০২১ৰ সময়ত অসম কংগ্ৰেছ আৰু সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিৰ (এআইচিচি) অধীনত আয়োজিত এখনো সংবাদমেল বাদ নেপেলোৱাকৈও কোভিডক সাৰি যাবলৈ সক্ষম হৈছিলো। কিন্তু অৱশেষত যেতিয়া মই ব্যক্তিগত কাৰণত যোৱা কেইমাহমান ধৰি ৰাজনৈতিক জীৱনৰ পৰা আতৰি আছো, তেতিয়াই মই কোভিডত আক্ৰান্ত হওঁ।’

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে পুনৰ লিখে, “আপুনি নিশ্চয়তা দিব নোৱাৰে যে জনবহুল স্থানলৈ গ’লেই আপুনি আক্ৰান্ত হব, ঘনিষ্ঠ সামাজিক আদান-প্ৰদানো ভাইৰাছত আক্ৰান্ত হোৱাৰ কাৰণ হ’ব পাৰে। ইয়াত কোনো সন্দেহ নাই যে নতুন প্ৰকাৰটো দ্ৰুতগতিত সংক্ৰমিত হয়। মোৰ অভিজ্ঞতাৰ পৰা কব বিচাৰিছো যে, যেতিয়া আপোনাৰ ওচৰৰ কোনোবা আক্ৰান্ত হয় তেতিয়া ঘৰত থকাটো ভাল আৰু আপুনি লক্ষণহীন হ’লেও আৰু অধিক সামাজিক আদান প্ৰদান কৰাৰ পূৰ্বে কোভিড ফলাফললৈ অপেক্ষা কৰা ভাল।’’

2

ইফালে, তেওঁ কোৰোনাৰ নতুন প্ৰকাৰটোক গুৰুত্বসহকাৰে ল’বলৈ আহ্বান জনায়। তেওঁ কয় যে নতুন ভেৰিয়েণ্টৰ সৈতে পুৰণি প্ৰকাৰৰ যদিও তাৰতম্য মৃদু, তথাপি ই যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *