অসমঅসমীয়া

৫ হাজাৰ টকাৰ উৎকোচ লােৱা কৰ্মচাৰীক ১੦ হাজাৰ টকাৰ জৰিমনা, ৪ বছৰৰ কাৰাদণ্ড

নিউজ ডেস্ক। অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।

তেনে সময়তে ৫ হাজাৰ টকাৰ ঘােচ লৈ গ্ৰেপ্তাৰ হােৱা এগৰাকী মহিলা কৰ্মচাৰীক আদালতে ৪ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছে।

লগতে বিহিছে নগদ ১੦ হাজাৰ টকা জৰিমনাও।

এই দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীগৰাকীৰ হৈছে উচ্চ শিক্ষা সঞ্চালকালয়ৰ উচ্চ বৰ্গৰ সহায়ক (ইউ ডি এ) উৎপলা শইকীয়া।

G10

দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি লৈ বিশেষ ন্যায়াধীশৰ আদলতে ইউ ডি এ উৎপলা শইকীয়াক এই শাস্তি বিহে।

উল্লেখযোগ্য যে ২০১৭ চনত উৎকোচ লৈ হাতে-লোটে ধৰা পৰি গ্ৰেপ্তাৰ হৈছিল উৎপলা শইকীয়া।

এগৰাকী মহিলা প্ৰবক্তাৰ পৰা শইকীয়াই ৫ হাজাৰ টকা উৎকোচ লৈছিল।

এই সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ ভিত্তিত দীৰ্ঘদিন ধৰি চলা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত ঘোচখোৰ কৰ্মচাৰী উৎপলা শইকীয়াক দোষী সাব্যস্ত কৰে বিশেষ আদালতে।

লগতে চাওকঃ

প্ৰেমিকক বিচাৰি অবৈধভাৱে কাঁইটীয়া তাঁৰ পাৰ হৈ ভাৰতত প্ৰৱেশ প্ৰেয়সীৰ, তাৰ পাছত…

G3

বিবাহৰ ক্ষেত্ৰত মই ভাগ্যৱান নহয়! দ্বিতীয়বাৰ বিবাহ বিচ্ছেদ ঘটিল সৰু পৰ্দাৰ ‘শ্ৰীকৃষ্ণ’ৰ

G8

Leave a Reply

Your email address will not be published. Required fields are marked *