অসম

ক’ভিডৰ আতংকঃ গুৱাহাটীৰ গুৰুকুল গ্ৰামাৰ স্কুলৰ ৩০ গৰাকী শিক্ষক-কৰ্মচাৰী আক্ৰান্ত…

গুৱাহাটীৰ আগশাৰীৰ শিক্ষানুষ্ঠানত ক’ভিডৰ ভয়ানক সংক্ৰমণ।

গুৰুকুল গ্ৰামাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৩০ গৰাকী শিক্ষক-কৰ্মচাৰী আক্ৰান্ত।

১৪৪ গৰাকী শিক্ষক-কৰ্মচাৰীক ক’ভিড পৰীক্ষাৰ অন্তত ৩০ জনৰ দেহত ধৰা পৰিল ক’ভিডৰ অৱস্থিতি।

ইয়াৰে ২২ জন শিক্ষক আৰু ৮ গৰাকী বিদ্যালয়খনৰ কৰ্মচাৰী ক’ভিডত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।

প্ৰায় ৩-৪ দিন পূৰ্বৰে পৰা জ্বৰ-চৰ্দিত ভুগি আছিল বিদ্যালয়খনৰ কেইবাগৰাকীও শিক্ষক-কৰ্মচাৰী।

শিক্ষক-কৰ্মচাৰীৰ দেহত ক’ভিডৰ লক্ষণ থকাৰ পাছতো দৈনিক পাঠদান চলি আছিল বিদ্যালয়খনত।

অভিভাৱকে এই সম্পৰ্কত জিলা উপায়ুক্তক অৱগত কৰাৰ পাছত মঙলবাৰে বিদ্যালয়খনত অতৰ্কিতে উপস্থিত হয় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ দল।

স্বাস্থ্য বিভাগৰ দলটোৱে বিদ্যালয়খনত উপস্থিত হৈ প্ৰতিগৰাকী শিক্ষক-কৰ্মচাৰীক পৰীক্ষা কৰাৰ পাছত ৩০ জনৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিত।

ইতিমধ্যে জিলা প্ৰশাসনে অনিৰ্দিষ্ট কাললৈ বিদ্যালয়খন বন্ধৰ নিৰ্দেশ দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *