৩ জানুৱাৰী ২০২২ৰ পৰা আৰম্ভ হ’ব ১৮ বছৰ অনূৰ্ধ কিশোৰ-কিশোৰীক ভেকচিন প্ৰদান অভিযান।
দেশৰ লগতে অসমতো প্ৰদান কৰা হ’ব ভেকছিন। ভেকছিন প্ৰদানৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে স্বাস্থ্য বিভাগ।
প্ৰথম পৰ্যায়ত ১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীক সামৰি লোৱা হ’ব।
ইফালে, ৰাজ্যত প্ৰথম পালি ভেকছিন প্ৰদানৰ বাবে প্ৰয়োজন হ’ব ১৮লাখৰো অধিক ভেকচিন।
এই প্ৰক্ৰিয়াত বিদ্যালয়-মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক অগ্ৰাধিকাৰ দিয়াৰ কথা জনালে ৰাজ্যৰ শিক্ষা বিভাগে।
উল্লেখ্য যে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খ্ৰীষ্টমাছৰ দিনটোতে ৩ জানুৱাৰীৰ পৰা ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীক টিকাকৰণ কৰাৰ কথা ঘোষণা কৰিছিল।
দেশত অ’মিক্ৰণৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে।
ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি, ২৭ ডিচেম্বৰলৈকে অসমত মুঠ ২,১৭,০৬,৯৯০ জন ব্যক্তিয়ে ক’ভিড-১৯ ভেকচিনৰ প্ৰথম পালি গ্ৰহণ কৰাৰ লগতে ১,৫৪,০৩,৪৩৯ জন ব্যক্তিয়ে ভেকছিনৰ দ্বিতীয় পালি গ্ৰহণ কৰিছে।









