মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছতে সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে প্ৰশাসন।
নৱবৰ্ষত দুৰ্ঘটনা ৰোধৰ উদ্দেশ্যে প্ৰতিখন বাহনৰ চালকক কৰা হৈছে পৰীক্ষা।
ইয়াৰ মাজতেই মাজুলীত জব্দ হ’ল বৃহৎ পৰিমাণৰ অবৈধ সুৰা।

জেংৰাইমুখ থানাৰ অন্তৰ্গত নয়াবজাৰ আৰক্ষীয়ে জব্দ কৰে অবৈধ সুৰাখিনি।
মাজুলী জিলা প্ৰশাসন আৰু আবকাৰী বিভাগৰ অভিযানত জব্দ কৰা হয় অবৈধ সুৰাসমূহ।

নামনি বৰবিলত AS 03 G7522 MARUTI 800 নম্বৰৰ গাড়ীৰ পৰা উদ্ধাৰ কৰা হয় ৫৪৪টা সুৰাৰ বটল।
এই সুৰা সৰবৰাহৰ লগত জড়িত ডিজেন দলে, ভাস্কৰ দলে, দেৱানন্দ দলে নামৰ তিনিজনক আটক কৰিছে আৰক্ষীয়ে।










