কেতিয়াবা চিকিৎসক, কেতিয়াবা আৰক্ষীৰ ৰূপ! বহুৰূপী চামিদ হুছেইন বৰভূঞাক গ্ৰেপ্তাৰ

নিউজ ডেস্ক। আৰক্ষীৰ জালত পৰিল ভুৱা আৰক্ষী উপ-পৰিদৰ্শক! নাম- চামিদ হুছেইন বৰভূঞা।

কেৱল ভুৱা আৰক্ষীয়ে নহয়, এই প্ৰৱঞ্চকটােৱে নিজকে চিকিৎসক হিচাপেও বিভিন্ন ঠাইত পৰিচয় দি চিকিৎসা বৃত্তিৰ সৈতেও জড়িত হৈ আহিছে।

কেইদিনমান পূৰ্বে সামাজিক মাধ্যমত আৰক্ষী উপ-পৰিদৰ্শকৰ পােছাক পৰিহিত ফটাে শ্বেয়াৰ কৰিছিল চামিদ হুছেইন বৰভূঞা নামৰ যুৱকজনে।

জানিব পৰা মতে, কাটিগৰা আৰক্ষী থানাৰ অন্তৰ্গত গুমৰাহ নামৰ এলেকাৰ বাসিন্দা এই যুৱকজনে মেট্ৰিক পৰীক্ষাও উত্তীৰ্ণ কৰা নাই।

কমেও ৩ বাৰ দশম শ্ৰেণীৰ পৰীক্ষাত বহিও তিনিওবাৰে বিফল হৈছিল যুৱকজন।

a1

কিন্তু কেনেদৰে তেওঁ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক হ’ল? তাকে লৈ প্ৰশ্ন উদ্ৰেক ঘটিছিল তেওঁৰ পৰিচিত লােকসকলৰ মাজত।

এই বিষয়টাে আৰক্ষীৰ দৃষ্টিগােচৰ হােৱাৰ পাছত আৰক্ষীয়ে তদন্ত কৰি যুৱকজন ভুৱা এছ আই বুলি নিশ্চিত হয়।

G6

কাছাৰৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, চামিদ হুছেইন বৰভূঞা নামৰ এই যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে।

কাটিগৰা আৰক্ষী থানাৰ বিষয়া নব কুমাৰ শইকীয়া নেতৃত্বত আৰক্ষীৰ এটা দলে এটা যুৱকজনৰ বদৰপুৰ স্থিত বাসগৃহত তালাচী চলাই তেওঁক গ্ৰেপ্তাৰ কৰে।

a2

আৰক্ষীয়ে যুৱকজনৰ ঘৰৰ পৰা আৰক্ষীৰ পোছাকৰ লগতে চিকিৎসকৰ পােছাকাে জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, কিছুদিন পূৰ্বে নিজকে এজন চিকিৎসকৰ ভাও দি কেইবাজনো ৰোগীৰ চিকিৎসা কৰিছিল আৰু ঔষধ দিছিল।

লগতে চাওকঃ

অৰ্ধনগ্ন হৈ যুৱকক প্ৰহাৰ DSPৰ, ভাইৰেল ভিডিঅ’ই তুলিছে খলকনি

Leave a Comment