৩ গৰাকী অৰ্থনীতিবিদলৈ ২০২২ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল বঁটা…

২০২২ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল বঁটা ঘোষণা।

৩ গৰাকী অৰ্থনীতিবিদলৈ এই বৰ্ষৰ ন’বেল বঁটা।

বেন এছ বেৰ্ণানকে, ডগলাছ ডব্লিউ ডায়মণ্ডলৈ অৰ্থনীতিৰ ন’বেল।

ফিলপ এইচ দ্যভিগলৈও এই বৰ্ষৰ অৰ্থনীতিৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে।

বেংক আৰু বিত্তীয় সংকটৰ ওপৰত কৰা গৱেষণাৰ বাবে তিনিওগৰাকী অৰ্থনীতিবিদলৈ এই বঁটা।

উল্লেখ্য যে, বাৰ্নানকে ২০০৬ চনৰ পৰা ২০১৪ চনলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল ৰিজাৰ্ভৰ ১৪ সংখ্যক অধ্যক্ষ ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

সেই সময়তেই ২০০০ চনৰ অৰ্থনৈতিক সংকটৰ ক্ষেত্ৰত ফেডাৰেল ৰিজাৰ্ভৰ ভূমিকা সন্দৰ্ভত এক শক্তিশালী স্থিতি গ্ৰহণ কৰিছিল বাৰ্নানকে। যাৰ বাবে ২০০৯ বৰ্ষত টাইম আলোচনীৰ বৰ্ষটোৰ ব্যক্তি ৰূপে ঘোষণা কৰা হৈছিল বাৰ্নানকেৰ নাম।

আনহাতে, ডায়মণ্ড আৰু ফিলিপে প্ৰস্তুত কৰিছিল বেংক সমূহৰ অস্তিত্ব সম্পৰ্কে এক ত্বাত্তিক আৰ্হি। ইয়াৰ ওপৰিও বেংকসমূহৰ দুৰ্বলতা সম্পৰ্কে প্ৰকাশ কৰিছিল সমাধানৰ তালিকা।