৩১ আগষ্টত ২৪ ঘণ্টীয়া চকা বন্ধৰ আহ্বান…

৩১ আগষ্টত ২৪ ঘণ্টীয়া চকা বন্ধৰ আহ্বান।

৩১আগষ্টৰ পুৱা ৫বজাৰ পৰা ১ ছেপ্তেম্বৰৰ পুৱা ৫বজালৈ এই বন্ধৰ আহ্বান কৰিছে মটৰ শ্ৰমিক যুটীয়া ফেডাৰেশ্যন চমুকৈ AAMSJFয়ে।

ডিমা হাচাও জিলাত যোৱা ২৬ আগষ্টত ৫ জনকৈ নিৰিহ ট্ৰাক চালকক হত্যা কৰাৰ প্ৰতিবাদত শনিবাৰে সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনে এই সিদ্ধান্ত গ্ৰহণ কৰে।

মটৰ শ্ৰমিক যুটীয়া ফেডাৰেশ্যনে দাবী কৰিছে যে, নিহত হোৱা গাড়ীচালক আৰু হেণ্ডিমেনৰ পৰিয়ালক উচিত ক্ষতিপূৰণ প্ৰদান কৰক।

ASSAM MOTOR SHRAMIK FEDARATION ANNOUNCE 24 HOUR ALL ASSAM WHEEL BLOCKED ON 31ST AUGUST 2021

লগতে এই সমগ্ৰ ঘটনাৰ ক্ষিপ্ৰ তদন্তৰ লগতে ডি এন এল এৰ ওপৰত কঠোৰ ব্যৱস্থগ্ৰহণ কৰাৰ দাবী জনায়।

সংগঠনটোৱে দাবী কৰিছে যে, গাড়ীচালক আৰু হেণ্ডিমেনৰ পৰিয়ালক চৰকাৰে ১৫লাখকৈ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰক।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে নিশা প্ৰায় 9 বজাত উমৰাংছ’ৰ ডালমিয়া চিমেণ্টৰ পৰা লংকালৈ যোৱা পাঁচখনকৈ ট্ৰাকত গুলীচালনা কৰাৰ লগতে অগ্নিসংযোগ কৰিছিল দুৰ্বৃত্তই।

Leave a Comment