২ মহিলা কনিষ্টবলৰ সাহসিকতা! অস্ত্ৰধাৰী দুৰ্বৃত্তক প্ৰতিহত কৰি ডকাইতি কাণ্ডৰ পৰা ৰক্ষা কৰিলে এটা বেংক…

নিউজ ডেস্কঃ দুগৰাকী মহিলা কনিষ্টবলৰ সাহসিকতাৰ বাবেই ভংয়কৰ ডকাইতি কাণ্ডৰ পৰা ৰক্ষা পৰিল এটা বেংক।

অস্ত্ৰধাৰী দুৰ্বৃত্তই ডকাইতি সংঘটিত কৰিবলৈ অহাৰ সময়তে মহিলা কনিষ্টবল দুগৰাকীৰ তৎপৰতাৰ বাবে পলায়ন কৰিবলৈ সক্ষম হয় ডকাইতৰ দলটোৱে।

এই ঘটনা সংঘটিত হৈছে বিহাৰৰ হাজীপুৰত।

জানিব পৰা মতে, হাজীপুৰৰ সদৰ থানা এলেকাৰ সেন্দুয়াৰী চকত অৱস্থিত গ্ৰামীণ বেংকত সংঘটিত হয় এই ঘটনা।

image 44
২ মহিলা কনিষ্টবলৰ সাহসিকতা! অস্ত্ৰধাৰী দুৰ্বৃত্তক প্ৰতিহত কৰি ডকাইতি কাণ্ডৰ পৰা ৰক্ষা কৰিলে এটা বেংক… 3

৩ ডকাইতে হাতত অস্ত্ৰ লৈ বেংকটোৰ ভিতৰত লুটপাতৰ উদ্দেশ্যৰে প্ৰৱেশ কৰা সময়ত ডকাইতৰ দলটোক প্ৰতিহত কৰে সেই সময়ত কৰ্তব্যৰত হৈ থকা মহিলা কনিষ্টবল শান্তি কুমাৰী আৰু জুহি কুমাৰীয়ে।

সমগ্ৰ ঘটনা সন্দৰ্ভত কনিষ্টবল শান্তি কুমাৰীয়ে কয়, ‘ডকাইতৰ দলটোৱে বেংকত প্ৰৱেশ কৰি মোৰ সতীৰ্থ কনিষ্টবলগৰাকীলৈ বন্দুক টোঁৱাই থিয় হয়। প্ৰত্যুত্তৰত আমিও ডকাইতৰ দলটোক বাধা দিবলৈ আক্ৰমণাত্মক হৈ পৰোঁ।’

image 45
২ মহিলা কনিষ্টবলৰ সাহসিকতা! অস্ত্ৰধাৰী দুৰ্বৃত্তক প্ৰতিহত কৰি ডকাইতি কাণ্ডৰ পৰা ৰক্ষা কৰিলে এটা বেংক… 4

মহিলা কনিষ্টবল দুগৰাকীৰ সাহসিকতাৰ বাবেই অৱশেষত বেংকৰ পৰা পলায়ন কৰে ডকাইতৰ দলটোৱে। অৱশ্যে এই সমগ্ৰ ঘটনাত কনিষ্টবল জুহি কুমাৰী আঘাতপ্ৰাপ্ত হয়।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ইতিমধ্যে ডকাইতৰ দলটোৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

ইফালে ডকাইতি কাণ্ডৰ পৰা বেংকটোক ৰক্ষা কৰা কনিষ্টবল শান্তি কুমাৰী আৰু জুহি কুমাৰীৰ সাহসিকতাৰ শলাগ লৈছে সকলোৱে।