অসমঅসমীয়া

কবি নীলমণি ফুকনৰ ৪ টা অন্তিম ইচ্ছা…

নিউজ ডেস্ক। বৃহস্পতিবাৰে দিনৰ ১১.৫৫ বজাত আহিল এক দুঃসংবাদ।

কাব্যঋষি নীলমণি ফুকন আৰু নাই।

বাৰ্ধক্যজনিত কাৰণত চিকিৎসাধীন অৱস্থাতে ষ্ট্ৰ’কত আক্ৰান্ত হৈ GMCH ত শেষ নিস্বাস ত্যাগ কৰে নীলমণি ফুকনে।

ইপিনে, মৃত্যুৰ পিছত ৪ টা কাম নকৰিবলৈ কবি আনিছ উজ জামানৰ হতুৱাই লিখি থৈ গৈছিল নীলমণি ফুকনে।

326250652 3346355472245973 8725094014690683293 n

এইকেইটা হ’লঃ

১. মোৰ মৃত্যুৰ পাছত শৰীৰটো ক’তো ঘূৰাই নুফুৰিবা। পোনে পোনে ভূতনাথলৈ নিবা।

২. মোক লৈ কোনো গ্ৰন্থ ৰচনা নকৰিবা।

৩. মৃত্যুৰ পাছত কিবা অনুষ্ঠান পাতিলে বহু মানুহ মাতি হুলস্থুল নকৰিবলৈ।

৪. তেওঁৰ নামত কোনো স্মৃতিৰক্ষা সমিতি গঠন কৰিব নালাগে।

লগতে চাওকঃ দুখবৰ! কাব্যঋষি নীলমণি ফুকনৰ দেহাৱসান

G2 3