অসম

২ বছৰীয়া পুত্ৰ সন্তানক এৰি ক’লৈ গ’ল লক্ষী চেতিয়া, দুদিন ধৰি সন্ধানহীন…

ঢকুৱাখনা মহকুমাৰ ঘিলামৰাৰ এগৰাকী মহিলা দুদিন ধৰি সন্ধানহীন।

মহকুমাটোৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত চিনাই গাঁৱৰ ক্ষীৰানন্দ বৰুৱাৰ পত্নী, এটি ২বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ লক্ষী চেতিয়া বৰুৱা(২৩) সন্ধানহীন হৈ আছে।

বৃহস্পতিবাৰৰ পুৱা প্ৰায় ৫-৩০ বজাত স্বামীৰ ঘৰৰ পৰা ঘিলামৰা লামুগাওঁস্থিত পিতৃ মাতৃৰ গৃহলৈ বুলি ওলাই যোৱাৰ পৰা সন্ধানহীন মহিলাগৰাকী।

বহু বিচাৰ খোচাৰ কৰিও মহিলাগৰাকীৰ কোন সন্ধান নোপোৱাত এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক।

বহু দিন ধৰি জণ্ডিচ ৰোগত আক্ৰান্ত বোৱাৰী গৰাকীৰ দুটা দিন অতিক্ৰম কৰাৰ পাছতো একো উৱাদিহ উলিয়াব সক্ষম হোৱা নাই ঘিলামৰা আৰক্ষী। সন্ধানহীন বোৱাৰী গৰাকীৰ পিতৃয়ে জনোৱা মতে জণ্ডিচ ৰোগত আক্ৰান্ত হৈ থকাৰ বাবে ২বছৰীয়া পুত্ৰ সন্তানটোক পিতৃ মাতৃয়ে নিজৰ গৃহলৈ এদিন পূৰ্বে লৈ আনিছিল।

কিন্তু পাছ দিনা লক্ষীয়ে পুত্ৰৰ ওচৰলৈ আহিবলৈ মনস্থ কৰি স্বামী গৃহৰ অনুমতি সাপেক্ষে পুৱাই ঘৰমুখে যাত্ৰা কৰিছিল। দুৰ্ভাগ্যজনক ভাবে আজি দুটা দিন উকলি যোৱাৰ পাছতো পিতৃ গৃহত উপস্থিত নহ’লগৈ ৰোগাক্ৰান্ত লক্ষী চেতিয়া বৰুৱা।

ঘটনা সন্দৰ্ভত কৰ্মসূত্ৰে পঞ্জাৱত থকা স্বামী ক্ষীৰানন্দ বৰুৱা ঘৰলৈ উভতিছে।

কোনো সদাশয় ব্যক্তিয়ে যদি বোৱাৰী গৰাকী খবৰ পাই তেন্তে 9678509588 আৰু 8486518774 ফোন নম্বৰত যোগাযোগ অথবা সমীপৰ থানাত গতাই দিয়াৰ সানুনয় আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *