অসমীয়াগুৱাহাটী

বিশিষ্ট সাহিত্যিক ৰংবং তেৰাঙলৈ কটন বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী

নিউজ ডেস্কঃ অসমীয়া সাহিত্য জগতলৈ অনবদ্য অবদান আগবঢ়োৱা বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে উত্তৰ-পূবৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ে।

photo1653647418 2

বিশ্ববিদ্যালয়ৰ দ্বিতীয় সমাবৰ্তন অনুষ্ঠানত ৰাজ্যপাল প্ৰফেছাৰ জগদিশ মুখীয়ে বিশিষ্ট সাহিত্যিক ৰংবং তেৰাঙক সন্মানীয় ডক্টৰেট সন্মানৰে সন্মানীত কৰে।

photo1653647418

উল্লেখযোগ্য যে,‌ ‘ৰংমিলিৰ হাঁহি’ৰ ১৯৮৯ চনত সাহিত্য অকাডেমীৰ বঁটাপ্ৰাপক বিশিষ্ট সাহিত্যিক ৰংবং তেৰাঙে অসম সাহিত্য সভাৰ সভাপতি পদতো কাৰ্যনিৰ্বাহ কৰিছিল।

photo1653647418 1

তেওঁৰ দ্বাৰা ৰচিত গ্ৰন্থ সমুহৰ ভিতৰত কাৰ্বিলাম তাছাস (১৯৭৪, কাৰ্বি-অসমীয়া-ইংৰাজী ত্ৰিভাষিক অভিধান), জাক হেৰুওৱা পক্ষী, নীলা আৰ্কিড, ক্ৰান্তিকালৰ অশ্ৰু, মিৰবিৰ, বন ফৰিঙৰ গীত, সমন্বয় প্ৰবাহ, স্মৃতিৰ পাপৰি ইত্যাদি অন্যতম।

Leave a Reply

Your email address will not be published. Required fields are marked *