অসমীয়াঅসম

১২২ বছৰীয়া হ’ল কটন বিশ্ববিদ্যালয়ঃ প্ৰতিষ্ঠা দিৱসত পুৰণি স্মৃতি সুঁৱৰি আবেগিক হৈ পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্কঃ অসমীয়া ভাষা, সাহিত্য-সংস্কৃতিৰ ঐতিহ্য বহন কৰি ১২২ বছৰত ভৰি দিলে কটন বিশ্ববিদ্যালয়ে। ১৯০১ চনত তেতিয়াৰ বৃটিছ শাসনৰ মুখ্য আয়ুক্ত ছাৰ হেনৰী ষ্টেডমেন কটনৰ দ্বাৰা স্থাপিত মহাবিদ্যালয়ে বুকুত সামৰি ৰাখিছে এটা শতিকাৰ ইতিহাস।

প্ৰথমে কলকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভূক্ত হৈ হোৱা কটন মহাবিদ্যালয় পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনলৈ আহিছিল। পৰৱৰ্তী সময়ত অৰ্থাৎ ২০১১ চনত অসম চৰকাৰে কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়লৈ উন্নীত কৰে। ইয়াৰ পিছতে ২০১৭ চনত অসম চৰকাৰে কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নাম সলনি কৰি নতুন নাম দিয়ে কটন বিশ্ববিদ্যালয়।

image 140

আজি কটন বিশ্ববিদ্যালয়ৰ মৰ্যাদা লাভ কৰা আৰু তাহানিৰ কলেজ কলেজৰ পৰা শিক্ষা গ্ৰহণ কৰি বৌদ্ধিক, শৈক্ষিক. সামাজিক, ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰতিষ্ঠা লাভ কৰিছে অনেকে। এই কটন কলেজতে এসময়ত অধ্যয়ন কৰিছিল এতিয়াৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও।

১৯৮৮-৮৯, ১৯৮৯-৯০ আৰু ১৯৯১-১৯৯২ চনৰ তিনিটা কাৰ্যকালৰ বাবে কটন কলেজ ইউনিয়ন চ’ছাইটিৰ সাধাৰণ সম্পাদক আছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। কটনত অধ্যয়ন কৰা শিক্ষাৰ্থীসকলৰ বাবে কটন কেৱল এটা নাম নহয়, এয়া এক আবেগ।

image 139

ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ গৌৰৱজ্বল প্ৰতিষ্ঠা দিৱসত শিক্ষা জীৱনৰ কথা সুঁৱৰি স্মৃতিগধুৰ হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমত কটন কলেজত অধ্যয়নকালৰ কেইখনমান পুৰণি ফটো শ্বেয়াৰ কৰি আবেগিক হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী।

তেওঁ লিখিছে, “নিজৰ শিক্ষানুষ্ঠানৰ স্মৃতিয়ে প্ৰতিজনকে নষ্টালজিক কৰাৰ দৰে ময়ো ডুব যাওঁ মই পঢ়া কলেজখনৰ কথা সুঁৱৰি৷ কটন মহাবিদ্যালয়ৰ (বৰ্তমানৰ বিশ্ববিদ্যালয়) আজি ওপজা দিনত সমূহ কটনিয়ানলৈ হিয়াভৰা অভিনন্দন জ্ঞাপন কৰিলোঁ৷ লগতে যিসকলৰ কঠোৰ সাধনাই কটনক মহীয়ান কৰিলে সকলোকে মোৰ প্ৰণাম যাচিলোঁ৷’’

Leave a Reply

Your email address will not be published. Required fields are marked *