অসম

লক্ষাধিক টকাৰ গাঞ্জাসহ আৰক্ষীৰ জালত গাঞ্জা সৰবৰাহকাৰী…

নিষিদ্ধ ড্ৰাগছ তথা নিচাজাতীয় সমগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আৰক্ষীৰ অভিযান।

এইবাৰ তামুলপুৰ আৰক্ষীৰ জালত পৰিছে এগৰাকী গাঞ্জা ব্যৱসায়ী।

প্ৰায় লক্ষাধিক টকাৰ গাঞ্জাসহ এগৰাকী সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে।

ধৃত গাঞ্জা সৰবৰাহকাৰী জন কুমাৰীকাটাৰ ৩নং কালিপুৰৰ জ্যোতি দাস।

তামুলপুৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক নিপণ গগৈৰ নেতৃত্বত এটি অভিযানকাৰী দলে বৃৃৃৃৃৃৃৃৃৃৃহস্পতিবাৰে অভিযান চলাই ত্ৰিশ  কিলোগ্ৰাম ওজনৰ প্ৰায় ১ লক্ষাধিক টকাৰ মূল্যৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।

ধৃত জ্যোতি দাসে গাঞ্জাখিনি ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডৰ পৰা আনি কুমাৰীকাটাস্থিত নিজ বাসগৃহত ৰাখিছিল।

সম্প্ৰতি জ্যোতি দাসক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *