২৫হাজাৰ টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ জোখ মাপ বিভাগৰ নিয়ন্ত্ৰক শচীন্দ্ৰ নাথ বৈশ্য…

পুনৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত ঘোচখোৰ বিষয়া।

এইবাৰ ধন লৈ হাতেলোটে গ্রেপ্তাৰ হ’ল নিয়ন্ত্রক পৰ্যায়ৰ বিষয়া।

গ্রেপ্তাৰ হোৱা বিষয়াজন শচীন্দ্র নাথ বৈশ্য।

284
২৫হাজাৰ টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ জোখ মাপ বিভাগৰ নিয়ন্ত্ৰক শচীন্দ্ৰ নাথ বৈশ্য... 4

ভিজিলেন্সৰ দলে শুকুৰবাৰে গুৱাহাটীৰ ৰামকৃষ্ণ মিছন পথত থকা কার্যালয়ত অভিযান চলাই ২০ হেজাৰ টকা উৎকোচ লোৱা অৱস্থাত বিষয়াজনক গ্ৰেপ্তাৰ কৰে।

শচীন্দ্র নাথ বৈশ্যই এখন অনুজ্ঞাপত্ৰ প্ৰদানৰ বিনিময়ত এজন ব্যক্তিৰ পৰা ২৫ হেজাৰ টকা দাবী কৰিছিল।

জোখ-মাপৰ সঁজুলি বিক্ৰী প্ৰতিষ্ঠান খোলাৰ বাবে অনুজ্ঞাপত্ৰৰ আবেদন কৰা লোকজনে উৎকোচ দিবলৈ অমান্তি হৈ ভিজিলেন্সৰ কাষ চাপে।

সেইমৰ্মে বিয়লি প্রায় ৪.৪০ বজাত লোকজনে বৈধ পৰিমাপ বিভাগৰ নিয়ন্ত্ৰক শচীন্দ্ৰ নাথ বৈশ্যক তেওঁৰ কাৰ্যালয়ত ২০ হেজাৰ টকা উৎকোচ দিওঁতে হাতে-লোটে গ্ৰেপ্তাৰ কৰে ভিজিলেন্সৰ দলে।

অভিযানকাৰী দলে বিষয়াজনৰ কাৰ্যালয় কক্ষত তালাচী চলাই ৩,২৩,৮৫০ টকা জব্দ কৰিবলৈ সক্ষম হৈছে।

লগতে তেওঁৰ বাসভৱনত তালাচী চলাই ভিজিলেন্সৰ দল এটাই ৩,১৯,০০০ টকা জব্দ কৰিছে।

G7 1
২৫হাজাৰ টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ জোখ মাপ বিভাগৰ নিয়ন্ত্ৰক শচীন্দ্ৰ নাথ বৈশ্য... 5

অভিযুক্ত বিষয়াজনৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাৰ থানাত ১৬/২০২২ নম্বৰত এটা গোচৰ ৰুজু কৰি ভিজিলেন্স তদন্ত আগবঢ়াইছে।

২৫হাজাৰ টকাৰ উৎকোচ লওঁতেই হাতেলোটে গ্রেপ্তাৰ হয় জোখ মাপ বিভাগৰ নিয়ন্ত্ৰক শচীন্দ্ৰ নাথ বৈশ্য।

লগতে চাওকঃ

বিয়াৰ ৭ মাহ পিছতে সীমান্তত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত শ্বহীদ সেনা জােৱান হৃষিকেশ, পৰিয়ালত হাহাকাৰ…

G4 1
২৫হাজাৰ টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ জোখ মাপ বিভাগৰ নিয়ন্ত্ৰক শচীন্দ্ৰ নাথ বৈশ্য... 6