জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবেৰ মৃত্যুত অসম চৰকাৰৰ এদিনীয়া ৰাজ্যিক শোক ঘোষণা…

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবেৰ মৃত্যুত অসম চৰকাৰৰ এদিনীয়া ৰাজ্যিক শোক ঘোষণা।

কাইলৈ সকলো স্থানতে অৰ্ধনমিত কৰি ৰখা হ’ব ৰাষ্ট্ৰীয় পতাকা।

উল্লেখ্য যে, আততায়ীৰ গুলীত নিহত হয় জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীজন।

ছিনজো আবেৰ মৃত্যুত ভাৰতত ঘোষণা কৰা হৈছে ৰাষ্ট্ৰীয় শোক।

শুকুৰবাৰে দুৰ্বৃ্ত্তই গুলীয়াই হত্যা কৰাৰ পিছতে ভাৰত চৰকাৰে ৯ জুলাই শনিবাৰে ঘোষণা কৰিছে ৰাষ্ট্ৰীয় শোক।

image 80
জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবেৰ মৃত্যুত অসম চৰকাৰৰ এদিনীয়া ৰাজ্যিক শোক ঘোষণা... 2

ৰাষ্ট্ৰীয় শোকৰ সময়ছোৱাত সকলো চৰকাৰী ভৱনত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত হৈ থাকিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক টুইট কৰি এই বিষয়ে কয় যে- “প্ৰাক্তন প্ৰধানমন্ত্ৰী আবে ছিনজোৰ প্ৰতি আমাৰ গভীৰ সন্মানৰ চিহ্ন হিচাপে, ২০২২ চনৰ ৯ জুলাই তাৰিখে ৰাষ্ট্ৰীয় শোকৰ দিন হ’ব।

ইয়াৰ পাছতে অসম চৰকাৰেও এক বিবৃতি প্ৰকাশ কৰি এদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে।