মই হাজাৰবাৰ কম- মই নিৰ্দোষীঃ মুকলি আকাশৰ তললৈ আহি আৰু কি ক’লে নিলম্বিত SI জোনমণি ৰাভাই…

নিউজ ডেস্ক। ‘মই হাজাৰবাৰ কম- মই নিৰ্দোষী।’

-সম্পূৰ্ণ এমাহ কাৰাবাস খাটি মুকলি আকাশৰ তললৈ ওলাই অহাৰ পিছতে প্ৰথম প্ৰতিক্ৰিয়া এনেদৰে ব্যক্ত কৰিলে নিলম্বিত এছআই জোনমণি ৰাভাই।

ভাৱীস্বামী ৰানা পগাগৰ সৈতে মিলি প্ৰৱঞ্চনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ পিছত সুদীৰ্ঘ এমাহ ৪ দিন কাৰাবাসত পাৰ কৰি শুকুৰবাৰে জামিনত মুক্তিলাভ কৰে জোনমণি ৰাভাই।

photo 2022 06 04 21 34 52
মই হাজাৰবাৰ কম- মই নিৰ্দোষীঃ মুকলি আকাশৰ তললৈ আহি আৰু কি ক’লে নিলম্বিত SI জোনমণি ৰাভাই… 3

মাজুলীৰ সত্ৰ ন্যায়াধীশৰ আদালতে শুকুৰবাৰে জামিন মঞ্জুৰ কৰে জোনমণিৰ।

ইয়াৰ পিছতে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি জোনমণি ৰাভাই কয়, ‘ক’বলগীয়া বহুতেই আছে, তথাপিও এটা কথাই কম, ৰানা পগাগক বিশ্বাস কৰিছিলো। আৰু তাৰ বাবেই মই ইয়াত থাকিবলগীয়া হ’ল।’

ন্যায়ালয়ৰ ওপৰত ভৰষা ব্যক্ত কৰি নিলম্বিত আৰক্ষী বিষয়াগৰাকীয়ে লগতে নিজকে পুনৰ এবাৰ নিৰ্দোষী বুলি দাবী কৰে।

তেওঁ কয় যে তেওঁ পূৰ্বেও নিৰ্দোষী বুলি কৈছিল আৰু হাজাৰ বাৰ তেওঁ নিৰ্দোষী বুলি ক’ব।

ন্যায়ালয়ৰ বিচাৰক ধন্যবাদ জনায় জোনমণি ৰাভাই।

লগতে চাওকঃ

টিফিন খাবলৈ বিদ্যালয়ৰ চৌহদত থকা গছৰ তলত বহিছিল হীৰাক্ষী, তেনে সময়তে ঘটিল কৰুণ ঘটনা…

G1
মই হাজাৰবাৰ কম- মই নিৰ্দোষীঃ মুকলি আকাশৰ তললৈ আহি আৰু কি ক’লে নিলম্বিত SI জোনমণি ৰাভাই… 4