ঐতিহাসিক দিন! ভাৰতত নিৰ্মিত ডৰ্ণিয়াৰ ২২৮ বিমানেৰে অসম-অৰুণাচল প্ৰদেশৰ মাজত বিমান সেৱা আৰম্ভ

নিউজ ডেস্ক। ভাৰতৰ অসামৰিক বিমান পৰিবহণৰ ক্ষেত্ৰত সূচনা হ’ল এক নতুন দিগন্তৰ।

প্ৰথমবাৰৰ বাবে ভাৰতত নিৰ্মিত ডৰ্ণিয়াৰ ২২৮ বিমানেৰে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত আৰম্ভ হ’ল অসামৰিক বিমান পৰিবহণ।

এই বিশেষ বিমানখনেৰে অসমৰ ডিব্ৰুগড়ৰ পৰা অৰুণাচল প্ৰদেশৰ পাছিঘাটলৈ আৰম্ভ হ’ল বিমান পৰিবহণ।

G4 8
ঐতিহাসিক দিন! ভাৰতত নিৰ্মিত ডৰ্ণিয়াৰ ২২৮ বিমানেৰে অসম-অৰুণাচল প্ৰদেশৰ মাজত বিমান সেৱা আৰম্ভ 3

উল্লেখ্য যে, ভাৰতত নিৰ্মিত ডৰ্ণিয়াৰ ২২৮ বিমানখনে অৰুণাচল প্ৰদেশৰ দূৰৱৰ্তী অঞ্চলসমূহলৈ বিমান সংযোগ প্ৰদান কৰাৰ লগতে এই বিমানখনৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ বিমান সেৱা দেশৰ বাকী অংশৰ সৈতে অধিক শক্তিশালী কৰিব তুলিব বুলি বিষয়া সকলে মত প্ৰকাশ কৰিছে।

G5 6
ঐতিহাসিক দিন! ভাৰতত নিৰ্মিত ডৰ্ণিয়াৰ ২২৮ বিমানেৰে অসম-অৰুণাচল প্ৰদেশৰ মাজত বিমান সেৱা আৰম্ভ 4

ভাৰতীয় বিমান পৰিবহনৰ ইতিহাসত ডৰ্ণিয়াৰ ২২৮ এক গুৰুত্বপূৰ্ণ বিকাশ হিচাপে গণ্য কৰা হৈছে।

জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ ৫খন চহৰক এই ১৭ আসনযুক্ত ডৰ্ণিয়াৰ বিমানৰ জৰিয়তে ডিব্ৰুগড়ৰ সৈতে সংযোগ কৰা হ’ব।

এলায়েন্স এয়াৰে ফেব্ৰুৱাৰীত হিন্দুস্তান এৰোনটিক্স লিমিটেডৰ (এইচএএল) সৈতে ১৭ আসনৰ ডৰ্ণিয়াৰ ২২৮ বিমানৰ বাবে এক চুক্তি স্বাক্ষৰ কৰিছিল।

অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ লগতে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে এই বিমানখনৰ যাত্ৰী হিচাপে যাত্ৰা কৰে।

Leave a Comment