২০২৩ চনত মুকলি হ’ব নলবাৰী চিকিৎসা মহাবিদ্যালয়ঃ মুখ্যমন্ত্ৰী

নিউজ ডেস্ক। নলবাৰীত মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই আৰু উদগনি প্ৰদান আঁচনিৰ অধীনত চেক বিতৰণ অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা।

নলবাৰী চহৰৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ বাবে প্ৰায় ১০৬ কোটি টকাৰে পল্লা ৰোড, এনটি ৰোড, কলেজ ৰোড, হাজো ৰোড, বৰমা পথ আৰু পিএনচি পথৰ দুয়োপাৰে নলা নিৰ্মান কৰা হব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ। তাৰ সমান্তৰালভাৱে পদপথ সমুহো নিৰ্মান কৰি নলবাৰীক এখন আধুনিক চহৰ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ।

লগতে নলবাৰী চহৰৰ পাগলাদিয়া নৈৰ পশ্চিম দিশৰ মথাউৰিটো, অৰ্থাৎ হাজো- নলবাৰীৰ বিজুলীঘাটৰ পৰা এনটি ৰোড হৈ গোসাঁইকমল আলিলৈ প্ৰায় ২৮ কিলোমিটাৰ পথ নিৰ্মাণৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

তদুপৰি নলবাৰীত কুমাৰ ভাস্কৰবৰ্মা কলাক্ষেত্ৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণৰ লগতে কমলপুৰ-ৰঙিয়া-বাইহাটা হৈ নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ দুটাকৈ পথৰ নিৰ্মাণৰ কামো অসম চৰকাৰে হাতত লোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

অহা ১০ মে’ৰ পিছত নলবাৰী চহৰত সংহত জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু এখন ষ্টেডিয়ামৰ নিৰ্মাণৰ কামো আৰম্ভ কৰা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে হিমন্ত বিশ্ব শৰ্মাই। ২০২৩ চনত নলবাৰী চিকিৎসা মহাবিদ্যালয় ৰাইজৰ বাবে মুকলি কৰি দিয়া হব বুলি তেওঁ ঘোষণা কৰে।

উল্লেখ্য যে, মাইক্ৰ ফাইনেন্সৰ ঋণ সময়মতে উভতাই দিয়াৰ বাবে নলবাৰীৰ ২৬,৮৩০ গৰাকী মহিলাক অসম চৰকাৰে উদ্গনিমুলক অনুদান প্ৰদান কৰাৰ ঘোষণা কৰে।

আনফালে এই জনসভাতে কোনো চৰকাৰী কৰ্মচাৰী-বিষয়াক ঘোচ প্ৰদান নকৰিবলৈ পুনৰ এবাৰ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।

Leave a Comment