অসম

ক’ভিডৰ সংক্ৰমণ বৃদ্ধি নহ’লে ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত নাথাকিব কোনো নিষেধাজ্ঞাঃ মুখ্যমন্ত্ৰী

১৫ ফেব্ৰুৱাৰীলৈকে ক’ভিড সংক্রমণ বৃদ্ধি নহ’লে সকলো নিষেধাজ্ঞা উঠাই দিব চৰকাৰে।

নলবাৰীত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

১৫ ফেব্ৰুৱাৰীলৈ যদি ৰাজ্যত ক’ভিড সংক্ৰমণৰ ঘটনা পুনৰ বৃদ্ধি নহয় তেন্তে ক’ভিড সম্পৰ্কীয় সকলো বাধা-নিষেধ আঁতৰাই দিয়া হ’ব বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।

তেওঁ কয়- ‘১৫ ফেব্ৰুৱাৰীলৈ যদিহে ক’ভিড আৰু আগবাঢ়ি নাযায় তেতিয়াহ’লে ১৫ ফ্ৰেব্ৰুৱাৰীৰ পাছত ৰাজ্যত লাঘু হৈ থকা সকলো ক’ভিডৰ লগত জড়িত সকলো নিষেধাজ্ঞা আঁতৰাই দিয়া হ’ব। নাইট কাৰ্ফিউ গুচাই দিয়া হ’ব আৰু স্কুল-কলেজেও পুৰ্ণ ৰূপত খুলিব।’

লগতে ব’হাগ বিহুৰ অনুষ্ঠান সমূহো ভালকৈ পাতিব পাৰিব বুলি মুখ্য মন্ত্ৰী শৰ্মাই উল্লেখ কৰি সকলোকে ১৫ ফেব্ৰুৱাৰীলৈ অপেক্ষা কৰাৰ বাবে আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *