ৰাষ্ট্ৰীয়অসমঅসমীয়া

লতা মংগেশকাৰক মেখেলা চাদৰ উপহাৰ দিয়া সমুজ্জ্বল কাশ্যপে জীৱনত এবাৰো লাভ নকৰিলে তেওঁৰ সান্নিধ্য…

নিউজ ডেস্ক। ২০১৮ চনত টুইটাৰযোগে অনুৰাগী আৰু শুভাকাংক্ষীসকলক খ্ৰীষ্টমাছৰ শুভকামনা জনাইছিল মেল’ডি কুইনখ্যাত কণ্ঠশিল্পী লতা মংগেশকাৰে।

সকলোকে মেৰী খ্ৰীষ্টমাছৰ শুভেচ্ছা জনাই কিংবদন্তী গায়িকাগৰাকীয়ে শ্বেয়াৰ কৰা ভিডিঅ’টোত তেওঁ পৰিধান কৰিছিল অসমীয়াৰ পৰম্পৰাগত সাজ মেখেলা চাদৰ।

ভাৰতৰ নাইটিঙ্গেল লতা মংগেশকাৰে সেইদিনা পৰিধান কৰা মেখেলা চাদৰযোৰ তেওঁক উপহাৰ দিছিল অসমীয়া পৰিচালক সমুজ্জ্বল কাশ্যপে।

আজি কিংবদন্তি গায়িকাগৰাকীৰ মহাপ্ৰস্থানত গভীৰ শোক ব্যক্ত কৰিছে পৰিচালক সমুজ্জ্বল কাশ্যপে।

লতা মংগেশকাৰৰ তেওঁ অসমীয়া সাজ যোৰ উপহাৰ দিয়াৰ মধুৰ ক্ষণৰ স্মৃতি ৰোমন্থন কৰি আবেগিক হৈ পৰে সমুজ্জ্বল।

মধুৰ স্মৃতি সুঁৱৰি সমুজ্জ্বল কাশ্যপে কয়, “তেওঁ অসমীয়া মেখেলা চাদৰ পৰিধান কৰি ভাল পাইছিল.. মেখেলা চাদৰ পিন্ধাৰ পিছত তেওঁ ফটোবোৰ হোৱাটছএপত শ্বেয়াৰ কৰিছিল। ভাৰতৰ নাইটিংগেলক আমাৰ মেখেলা চাদৰ উপহাৰ দিয়াটো মোৰ বাবে এক সন্মানৰ বিষয় আছিল।”

উল্লেখ্য যে, পৰিচালক সমুজ্জ্বল কাশ্যপে লতা মংগেশকাৰৰ ভতিজা গায়ক-সুৰকাৰ বাইজু মংগেশকাৰৰ ‘ইয়াহান ভি তু ৱাহান ভি তু’ নামৰ এটা সংগীত ভিডিঅ’ পৰিচালনা আৰু সম্পাদনা কৰিছিল। গায়ক আৰু সুৰকাৰ হিচাপে এয়া আছিল বাইজুৰ প্ৰথমটো একক এলবাম।

ভিডিঅ’টো আনুষ্ঠানিকভাৱে মুক্তিৰ দিয়াৰ পূৰ্বে, বাইজুৱে ভিডিঅ’টো লতা মংগেশকাৰক দেখুৱাইছিল। ভিডিঅ’টো চাই লতা মংগেশকাৰে তেতিয়া প্ৰশংসা কৰিছিল সমুজ্জ্বল কাশ্যপৰ কামৰ।

সেই স্মৃতি সুঁৱৰি সমুজ্জ্বল কাশ্যপে কয়, “বাইজু মংগেশকাৰৰ সৈতে মোৰ এক ঘনিষ্ঠ সম্পৰ্ক আছে। তেওঁ মোক কৈছিল যে লতাজীয়ে ‘ইয়াহান ভি তু ৱাহান ভি তু’ মিউজিক ভিডিঅ’ত মোৰ কাম ভাল পাইছে। মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰশংসা আছিল এয়া। পত্নী শীতলৰ দাবীত তেতিয়া মই গুৱাহাটীৰ পৰা এযোৰ মেখেলা চাদৰ কিনি বাইজুৰ জৰিয়তে লতা জীলৈ পঠিয়াও। কেইদিনমান পিছত, মই তেওঁৰ মেখেলা চাদৰ পিন্ধি থকা ফটো পাইছিলো… সেয়া মোৰ বাবে এক আৱেগিক মুহূৰ্ত আছিল।”

8

অৱশ্যে লতা মংগেশকাৰক তেওঁ এবাৰো লগ নোপোৱাৰ দুখে আজি তেওঁৰ মনত ক্ৰিয়া কৰে বুলিও মন্তব্য কৰে ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক সমুজ্জ্বল কাশ্যপে।

বাইজু মংগেশকাৰে নিমন্ত্ৰণ জনোৱা নৈশ ভোজনত উপস্থিত থকা হলে তেওঁ এবাৰ হলেও কোকিলকণ্ঠী গায়িকাগৰাকীৰ সান্নিধ্য লাভ কৰিব পাৰিলেহেঁতেন বুলিও আজি অনুশোচনাত ভুগিছে পৰিচালকগৰাকীয়ে। কিন্তু সেইদিনা তেওঁ পূৰ্ব নিৰ্ধাৰিত কামৰ বাবে বাইজুৰ নৈশ ভোজনৰ নিমন্ত্ৰণ এৰাই চলিবলগা হৈছিল।

মেল’ডি কুইনৰ সান্নিধ্য লাভ নকৰাৰ অনুশোচনা ব্যক্ত কৰি কাশ্যপে কয়, “মই কেতিয়াও লতা জীক ব্যক্তিগতভাৱে লগ পোৱা নাছিলো… কিন্তু হয়তো মই তেওঁক লগ পাব পাৰিলোহেঁতেন যদি মই বাইজুৰ ঘৰত ৰাতিৰ আহাৰত উপস্থিত থাকিলোহেঁতেন। ইয়াৰ বাবে মই চিৰদিন অনুশোচনাত ভুগিম। লতাজীক অৱশ্যেই দেৱী সৰস্বতী বুলি কোৱা হৈছিল… কোনো গায়কে কেতিয়াও তেওঁৰ ঠাই দখল কৰিব নোৱাৰে। ভাৰতৰ প্ৰতিগৰাকী গায়িকাই তেওঁৰ দৰে হ’ব বিচাৰে। কিন্তু ভাৰতত মাত্ৰ এগৰাকীয়ে লতা মংগেশকাৰ আছিল, যি এতিয়া আমাক এৰি চিৰদিনলৈ গুচি গ’ল!”

Leave a Reply

Your email address will not be published. Required fields are marked *