নিউজ ডেস্কঃ ২০২৩ চনৰ ভিতৰত ভাৰতত চলিব হাইড্ৰ’জেন চালিত ৰে’ল। এই ঘোষণা কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ। ভুৱনেশ্বৰস্থিত এছঅ’এ বিশ্ববিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি এই ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে কয় যে ভাৰতীয় ৰে’লৱেয়ে নিজৰ গতিবেগ বৃদ্ধিৰ দিশত অহৰহ কাম কৰি আছে।
ৰে’ল মন্ত্ৰীগৰাকীয়ে কয়, “বন্দে ভাৰত এক্সপ্ৰেছ ভাৰতৰ অন্যতম অৰ্ধ-হাই স্পীড আৰু দ্ৰুততম গতিবেগৰ ৰে’ল। এতিয়া ইয়াক ভাৰততে নিজেই নিৰ্মাণ কৰা হৈছে। যোৱা দুবছৰৰ পৰা বন্দে ভাৰত ৰে’লখন কোনো ডাঙৰ বিজুতি নোহোৱাকৈ সুচাৰুৰূপে চলি আছে। শেহতীয়াকৈ বন্দে ভাৰতে ৰে’লৱে সুৰক্ষা আয়ুক্তৰ পৰাও সেউজ সংকেত পাইছে।’’
ৰে’ল আৰু ট্ৰেক মেনেজমেণ্টৰ বিষয়ে ক’বলৈ গ’লে মন্ত্ৰীগৰাকীয়ে কয়, “আমাৰ মনোযোগ কেৱল ৰে’ল নিৰ্মাণৰ ওপৰত নহয়। আমি ছেমি হাই বা হাই স্পীড ৰে’ল চলোৱাৰ বাবে ট্ৰেক মেনেজমেণ্ট ব্যৱস্থাৰ ওপৰতো কঠোৰ পৰিশ্ৰম কৰি আছো।” ৰে’ল মন্ত্রীগৰাকীয়ে লগতে জনায় যে বন্দে ভাৰতৰ প্ৰাৰম্ভিক পৰ্যবেক্ষণ সফলভাৱে সমাপ্ত হোৱাৰ পাছত শীঘ্রেই ৭২খন ৰে’লৰ নিৰ্মাণ আৰম্ভ হ’ব৷
তেওঁ লগতে কয়, “বন্দে ভাৰত ৰে’লৰ সৰ্বোচ্চ গতিবেগ ঘণ্টাত ১৮০ কিলোমিটাৰ। মাত্ৰ ৫২ ছেকেণ্ডতে ই প্ৰতি ঘণ্টাত ১০০ কিলোমিটাৰলৈ গতি কৰে। বুলেট ট্ৰেইনৰ বাবে ৫৫ ছেকেণ্ড সময় লাগে।”
উল্লেখ্য যে, জাৰ্মানীয়ে নিম্ন পৰ্যায়ত বিশ্বৰ প্ৰথমখন হাইড্ৰ’জেন চালিত যাত্ৰীবাহী ৰে’ল মুকলি কৰিছে। খবৰ অনুসৰি, ফ্ৰান্সৰ কোম্পানী এলষ্টমে হাইড্ৰ’জেন ফিউৱেল চেল ড্ৰাইভযুক্ত ১৪খন ৰে’ল নিৰ্মাণ কৰিছে। জাৰ্মানীত এতিয়া ইয়াক ডিজেল চালিত ৰে’লৰ পৰিৱৰ্তে চলোৱা হ’ব। এই ৰে’লসমূহে বছৰি ১৬ লাখ লিটাৰ ডিজেল ৰাহি কৰিব। আলষ্টমৰ মতে, প্ৰতিখন ৰে’লে ৯৯৯ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ ক্ষমতা থাকিব। ইয়াৰ সৰ্বোচ্চ গতিবেগ হ’ব প্ৰতি ঘণ্টাত ১৪০ কিলোমিটাৰ।
এই ৰে’লখনত হাইড্ৰ’জেনক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়, যাৰ ফলত ডিজেলৰ পৰিমাণ বহু পৰিমাণে ৰাহি হয়। এইবোৰ হৈছে বেটাৰী বা ছুপাৰকেপাচিটৰৰ দৰে নবীকৰণযোগ্য শক্তি সংৰক্ষণ কৰা হাইব্ৰিড ৰে’ল। এইবোৰ হাইড্ৰজেন ইন্ধনৰ পৰিপূৰক। ই ৰেলৰ গতি বৃদ্ধি কৰে।









