নিউজ ডেস্কঃ নিশা কৰ্তব্যৰ অন্তত ঘৰলৈ যোৱাৰ পথত ৰাস্তা পাৰ হ’বলৈ লওতেই তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু ঘটে দুগৰাকী মহিলা ছফ্টৱেৰ কৰ্মীৰ। এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে চেন্নাইৰ আই টি কৰিড’ৰত।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মহিলা ছফ্টৱেৰ কৰ্মী দুগৰাকীয়ে নিশা প্ৰায় ১১.৩০ বজাত কৰ্তব্য সম্পন্ন কৰি ঘৰলৈ উভতিছিল। সেই সময়ত তেওঁলোকে পথ পাৰ হ’বলৈ লওতেই দ্ৰুতবেগী এখন হোণ্ডা চিটি বাহনে দুয়োগৰাকী যুৱতীক মহতিয়াই থৈ যায়।

এই ঘটনাত থিতাতে এগৰাকী যুৱতীৰ মৃত্যু ঘটাৰ বিপৰীতে আন গৰাকীৰ হাস্পতালত মৃত্যু ঘটে। নিহত দুগৰাকীক অন্ধ্ৰ প্ৰদেশৰ চিট্টুৰৰ নিৱাসী লাৱণ্য (২৩) আৰু কেৰেলাৰ পালাক্কাডৰ নিৱাসী লক্ষ্মী (২৩) বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, দুয়োগৰাকী যুৱতী এইচ চি এল ষ্টেট ষ্ট্ৰীট চাৰ্ভিচত বিশ্লেষক হিচাপে কৰ্মৰত আছিল।
ইফালে ঘটনাৰ পিছতে আৰক্ষীয়ে মোঠীশ কুমাৰ (২০) নামৰ অভিযুক্ত চালকজনক গ্ৰেপ্তাৰ কৰিছে। লগতে যুৱতী দুগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবেও প্ৰেৰণ কৰে আৰক্ষীয়ে।









