২০২০ চনত জলসম্পদ বিভাগৰ কোনো নিযুক্তি প্ৰক্ৰিয়া হোৱাই নাছিলঃ ৭ দালালৰ গ্ৰেপ্তাৰৰ পিছত স্পষ্টীকৰণ মন্ত্ৰী পীযুষ হাজৰিকাৰ

নিউজ ডেস্কঃ বক্ৰ পথেৰে কোনেও চাকৰি লাভ কৰিব নোৱাৰে বুলি দম্ভালি মাৰি ফুৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতে মহানগৰীত গ্ৰেপ্তাৰ হ’ল ৭ জনকৈ দালাল। জলসম্পদ বিভাগত চাকৰি প্ৰদানৰ নামত প্ৰৱঞ্চনা কৰা ৭ জন দালালক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

ইফালে জলসম্পদ বিভাগৰ চাকৰিৰ নামত যুৱক-যুৱতীক প্ৰৱঞ্চনা কৰা এই দালাল কেইটাৰ গ্ৰেপ্তাৰৰ পিছতে জলসম্পদ বিভাগৰ নিযুক্তিক লৈ স্পষ্টীকৰণ প্ৰদান কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই।

২০২০ চনত ৰাজ্যত জলসম্পদ বিভাগৰ কোনো ধৰণৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল বুলি স্পষ্ট কৰি দি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে এয়া ভুলকৈ প্ৰচাৰ কৰা হৈছে। সেই সময়ত যদিও তেওঁ জলসম্পদ মন্ত্ৰী নাছিল তথাপি চৰকাৰী তথ্য অনুসৰি সেই সময়ত জলসম্পদ বিভাগৰ কোনো নিযুক্তি পৰীক্ষা অনুষ্ঠিত হোৱাই নাছিল।

আনহাতে গ্ৰেপ্তাৰ কৰা কেইজন দালাল নহয়, প্ৰৱঞ্চক বুলি অভিহিত কৰে মন্ত্ৰীগৰাকীয়ে। ভুৱা এপইণ্টমেণ্ট লেটাৰেৰে এই প্ৰৱঞ্চক কেইজনে প্ৰৱঞ্চনা কৰি আহিছিল বুলি মন্তব্য কৰে পীযুষ হাজৰিকাই।

উল্লেখ্য যে, জলসম্পদ বিভাগৰ নিযুক্তিক ধনৰ লেনদেন কৰা ৭ জনক দেওবাৰে নিশা বৰবাৰীৰ জিডি ল’জৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল দিছপুৰ আৰক্ষীয়ে।

ধৃত দালাল কেইটা হৈছে- কাহিলিপাৰাৰ নয়ন শইকীয়া, বশিষ্ঠৰ জয়ন্ত ডেকা, মঙলদৈৰ চিৰাজুল হক, গোৱালপাৰাৰ জয়ন্ত দাস, নলবাৰীৰ গোবিন্দ চৌধুৰী, প্ৰাঞ্জল বৰ্মন আৰু নুৰ ইছলাম আহমেদ।