কোচিং চেণ্টাৰেই নহয়, প্ৰাথমিক বিদ্যালয়ৰ টেট শিক্ষকো ভিক্টৰ দাস! অভিভাৱকে তুলিলে এই অভিযোগ…

নিউজ ডেস্কঃ চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতিৰ অভিযোগ তুলি নিজেই গ্ৰেপ্তাৰ হ’বলগীয়া হোৱা ভিক্টৰ দাসৰ বিৰুদ্ধে এইবাৰ উত্থাপিত হৈছে আন এক অভিযোগ। কমলপুৰৰ এখন প্ৰাথমিক বিদ্যালয়ৰ টেট শিক্ষক হিচাপে কৰ্মৰত ভিক্টৰ দাসে বিদ্যালয়ত সময়মতে উপস্থিত নথকাৰ অভিযোগ কৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে।

অভিযোগ অনুসৰি, দুটাকৈ কোচিং চেণ্টাৰ চলাই থকাৰ উপৰিও কমলপুৰৰ পানীটেমা ৰাধাকৃষ্ণ যুগল মিলন প্ৰাথমিক বিদ্যালয়ৰ টেট শিক্ষক হিচাপে কৰ্মৰত ভিক্টৰ দাস। ২০২১ চনত তেওঁ টেট শিক্ষক হিচাপে যোগদান কৰিছিল প্ৰাথমিক বিদ্যালয়খনত।

কিন্তু বিদ্যালয়ৰ প্ৰাতঃ প্ৰাৰ্থনাৰ সময়ত কোনোদিনেই তেওঁ বিদ্যালয়ত উপস্থিত নোহোৱাৰ অভিযোগ তুলিছে বিদ্যালয়খনৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে। লগতে বিদ্যালয়ৰ পাঠদানৰ সময়তো মোবাইলত অনলাই কোচিং ক্লাছ কৰি থকাৰ অভিযোগ তুলিছে অভিভাৱক সকলে।

এগৰাকী অভিভাৱকে জানিবলৈ দিয়া মতে, ভিক্টৰ দাস নিৰ্দিষ্ট সময়ত বিদ্যালয়ত উপস্থিত নথকাৰ পৰিপ্ৰেক্ষিতত সেই সন্দৰ্ভত এখন সভাও অনুষ্ঠিত কৰিছিল স্থানীয় লোকে। তাৰ পিছতে ভিক্টৰ দাসক বিদ্যালয়ত সময়মতে উপস্থিত হ’বলৈ সকীয়াই দিয়া হৈছিল।

ভিক্টৰ দাসৰ বিৰুদ্ধে উত্থাপন হোৱা এনে অভিযোগে এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অৱশ্যে এই অভিযোগ কিমান সঁচা তাক লৈও সন্দেহ ব্যক্ত কৰিছে একাংশই।

উল্লেখ্য যে, অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টৰ দাসে। এই কেলেংকাৰীত একাংশ প্ৰাক্তন বিধায়ক জড়িত থকাৰো অভিযোগ কৰিছিল ভিক্টৰে। কিন্তু আৰক্ষীয়ে দাবী কৰা মতে, এই সন্দৰ্ভত কোনো তথ্য আৰক্ষীক প্ৰদান কৰিব পৰা নাই ভিক্টৰে। যাৰ বাবে শুকুৰবাৰে নিশা তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

বৰ্তমান পাণবজাৰ আৰক্ষীৰ জিম্মাত সোধা-পোছা কৰি থকা হৈছে ভিক্টৰ দাসক।