দুখন মালবাহী ট্ৰাকৰ মাজত ভয়ংকৰ সংঘৰ্ষ, কথমপি প্ৰাণ ৰক্ষা চালকৰ…

এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন মালবাহী ট্ৰাকৰ মাজত সংঘৰ্ষ।

গোলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত বৰুৱাগাঁৱত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো।

দুখন মালবাহী ট্ৰাকৰ মাজত সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা এই দুৰ্ঘটনাটোত দৈৱক্ৰমে প্ৰাণৰক্ষা পৰে কেইবাজনো লোকৰ।

প্ৰাপ্ত তথ্য অনুসৰি দেওবাৰে নিশা বৰুৱাগাঁৱৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তিনিচুকীয়াৰ পৰা গুৱাহাটী অভিমুখে আহি থকা AS01NC1408 নম্বৰৰ তামোল ভৰ্তি এখন মালবাহী ট্ৰাকত একে দিশৰ পৰা আহি থকা WB23D8613 নম্বৰৰ অন‍্য এখন চাহপাত কঢ়িওৱা ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে।

এই ঘটনাৰ ফলত তামোলভৰ্তি ট্ৰাকখন ঘাইপথৰ কাষৰে দ খাৱৈত সোমাই পৰে আনহাতে চাহপাত কঢ়িওৱা ট্ৰাকখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ ট্ৰাকৰ ভিতৰতে আবদ্ধ হৈ পৰে চালকজন।

অৱশ্যে স্থানীয় গাওঁৰক্ষী বাহিনীৰ সহযোগত নিশাই কমাৰগাওঁ আৰক্ষীৰ লোক ঘটনাস্থলিত উপস্থিত হৈ চালকজনক জীৱিত অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

চাহপাত কঢ়িয়াই অনা ট্ৰাকখনৰ চালকৰ ভুলৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হবলৈ পালে বুলি অন‍্যগৰাকী চালকে অভিযোগ কৰিছে।