১৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব মেগা ভেকচিনেশ্যন, ঘৰে ঘৰে গৈ হ’লেও দিয়া হ’ব ভেকচিনঃ স্বাস্থ্যমন্ত্ৰী…

ৰাজ্যত ভেকচিনেশ্যন প্ৰক্ৰিয়া আৰু অধিক ত্বৰান্বিত কৰিবৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

১৫ নবেম্বৰৰ পৰা ৰাজ জুৰি আৰম্ভ হ’ব মেগা ভেকচিনেশ্যন।

শুকুৰবাৰে অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই নগাঁওত সাংবাদিকৰ আগত এই কথা সদৰি কৰে।

২২ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈকে চৰকাৰখনৰ মন্ত্ৰীৰ পৰা জিলা পৰ্যায়ৰ বিষয়ালৈকে সকলোৱে সম্পূৰ্ণভাৱে ৰাইজক ভেকচিন দিয়াৰ ক্ষেত্রত নামি পৰিব বুলিও তেওঁ জনায়।

তেওঁ লগতে কয় যে, ‘ঘৰে ঘৰে গৈ হ’লেও দিয়া হ’ব ক’ভিড ভেকচিন।’

উল্লেখ্য যে ৫ নৱেম্বৰলৈকে ৰাজ্যত মুঠ ২,৮৭,৭৪,৭২১ গৰাকী লোকে ক’ভিড ভেকচিন গ্ৰহণ কৰিছে।

ইয়াৰে ২,০২,৭১,২৩৬ গৰাকীয়ে প্ৰথম ড’জ আৰু ৮৫,০৩,৪৮৫ গৰাকীয়ে দুয়োটা ড’জ গ্ৰহণ কৰিছে।

Leave a Comment