অসম

গৰু চোৰ আৰু আৰক্ষীৰ মাজত তুমুল সংঘৰ্ষ, আহত এগৰাকী আৰক্ষী জোৱান…

ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ।

এইবাৰ মঙলদৈত গৰু চোৰ আৰু আৰক্ষীৰ মাজত সংঘটিত হৈছে তুমুল সংঘৰ্ষ।

চুৰি গৰু লৈ যোৱা এখন বলেৰো পিক আপ ভান ৰখাব বিচাৰোতেই দুয়ো পক্ষৰ মাজত সৃষ্টি হয় সংঘৰ্ষৰ।

সংঘৰ্ষত এগৰাকী আৰক্ষী জোৱান আহত হৈছে। সংঘৰ্ষৰ পিছত গৰু আৰু গাড়ী এৰি চোৰৰ দলটোৱে পলায়ন কৰে।

ইফালে বলেৰো বাহনখনত থকা ৫ টা গৰুৰ এটা গৰুৰ মৃত্যু হয়।

উল্লেখযোগ্য যে দৰঙত পুনৰ বৃদ্ধি পাইছে গৰু চোৰৰ উপদ্ৰৱ।

বিশেষকৈ দৰঙৰ চৰ চাপৰিত থকা লোক সকলৰ গৰু বোৰ লক্ষ্য হৈ পৰিছে চোৰৰ।

ইতিমধ্যে এমাহৰ ভিতৰতে ৫০ টাৰো অধিক গৰু একমাত্ৰ মোৱামাৰি অঞ্চলৰ পৰা চুৰি হোৱাৰ তথ্য লাভ কৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *