মাজুলীৰ খিলঞ্জীয়া বিপুল বৰা হেনো ‘ডি ভোটাৰ’! কাৰাগাৰলৈ প্ৰেৰণক লৈ সৃষ্টি প্ৰতিক্ৰিয়াৰ…

নিউজ ডেস্কঃ মাজুলীৰ এগৰাকী খিলঞ্জীয়াক ‘ডি ভোটাৰ’ সজাই কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

যোৰহাট বিদেশী ন্যায়াধীকৰণে শেহতীয়াকৈ কাৰাগাৰলৈ প্ৰেৰণ কৰা মাজুলীৰ এই ব্যক্তিজনৰ নাম হৈছে বিপুল বৰা।

জানিব পৰা মতে, ২০১৯ চনতে নিৰ্বাচনী বিষয়াই বিপুল বৰাৰ বিৰুদ্ধে ডি ভোটাৰৰ গোচৰ ৰুজু কৰিছিল।

তাৰ পিছতে যোৰহাট বিদেশী ন্যায়াধীকৰণত চলি থকা গোচৰৰ তাৰিখত হাজিৰ হোৱা নাছিল বিপুল বৰা।

যাৰ বাবে পৰৱৰ্তী সময়ত মাজুলীৰ ব্যক্তিজনৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হয়।

ইয়াৰ পিছতে মাজুলী আৰক্ষীয়ে চহা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰি বিদেশী ন্যয়াধীকৰণৰ আদালতত হাজিৰ কৰোৱাত জামিন আবেদন নাকচ কৰি আদালতে বুধবাৰে বিপুল বৰাক কাৰাগাৰলৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, মাজুলীৰ জেংৰাইৰ ফুটচাং গাঁৱৰ নিৱাসী লোকনাথ বৰাৰ কনিষ্ঠ পুত্ৰ বিপুল বৰাক ডি ভোটাৰ সজাই এনেদৰে কাৰাগৰলৈ প্ৰেৰণ কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

৭ জন ভাতৃ-ভগ্নীৰ ভিতৰত কনিষ্ঠ বিপুল বৰাৰ আন কোনো এজন ভাতৃৰ বিৰুদ্ধেই নিৰ্বাচনী বিষয়াই ডি ভোটাৰৰ অভিযোগ উত্থাপন কৰা নাই।

জানিব পৰা মতে, খেতি আৰু দিন হাজৰিকা কৰি জীৱন নিৰ্বাহ কৰি আহিছে বিপুল বৰাই।

১৯৫০ চনলৈকে তেওঁলোকৰ পৰিয়ালে কেওট উপাধি লিখিছিল যদিও পিছত বৰা উপাধি লিখিবলৈ আৰম্ভ কৰে বুলিও জানিব পৰা গৈছে।

মাজুলীৰ খিলঞ্জীয়া এই ব্যক্তিজনক কিহৰ ভিত্তিত নিৰ্বাচনী বিষয়াই ডি ভোটাৰ সজালে তাক লৈও উত্থাপন হৈছে প্ৰশ্নৰ।