১৩ কোটি টকাৰ মূল্যৰ সাপৰ বিহসহ এজনক গ্ৰেপ্তাৰ…

নিউজ ডেস্ক। বাংলাদেশৰ পৰা ভাৰত হৈ দীৰ্ঘদিন ধৰি চলি আছে সাপৰ বিহৰ এক বৃহৎ চোৰাং ব্যৱসায়।

শেহতীয়াকৈ পশ্চিমবংগৰ জলপাইগুৰিত আখতাৰ মাণ্ডু নামৰ ৩১ বছৰীয়া লোক এজনৰ পৰা বন বিভাগে তিনিটাকৈ বিষাক্ত ফেঁটীসাপৰ বিহৰ জাৰ জব্দ কৰিবলৈ সক্ষম হৈছে।

জলাপাইগুৰিৰ পৰা এই বৃহৎ পৰিমাণৰ সাপৰ বিহ চীনলৈ চালান কৰাৰ অপচেষ্টা চলাইছিল মাণ্ডুৱে।

দক্ষিণ দিনাজপুৰৰ হিলি সীমান্ত অঞ্চলৰ বাসিন্দা মাণ্ডুৰ হাতলৈ এই বৃহৎ পৰিমাণৰ সাপৰ বিহ বাংলাদেশৰ পৰা আহিছিল বুলি অনুমান কৰািছে গৰুমাৰা বন্যপ্ৰাণী বিভাগৰ বনকৰ্মীসকলে।

Capture

জব্দ হোৱা এই সাপৰ বিহৰ অমুমানিক ১৩ কোটি টকা হ’ব বুলি উল্লেখ কৰিছে বন বিষয়াই।

ইতিমধ্যে জলপাইগুৰি আদালতে ধৃত মাণ্ডুক ৬ দিনৰ বাবে বন বিভাগৰ জিম্মাত দিছে।

স্মৰ্তব্য যে ২০১৫ চনৰ পৰা বন বিভাগে বিভিন্ন সময়ত অভিযান চলাই প্ৰচুৰ পৰিমাণে সাপৰ বিহ জব্দ কৰিবলৈ সক্ষম হৈছে।

E-65-H4-TWUBw2eo-X

এই বিহৰ বজাৰৰ সৈতে এক বৃহৎ অপৰাধী চক্ৰ জড়িত হৈ থকা বুলি সন্দেহ কৰা হৈছে।

Leave a Comment