অসম

১০ মে’ৰ ভিতৰত অসম আৰক্ষীত ১৬,০০০ পদত দিয়া হ’ব নিযুক্তি…

১০ মে’ৰ ভিতৰত অসম আৰক্ষীত ১৬,০০০ পদত দিয়া হ’ব নিযুক্তি।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক আৰক্ষীক ১০ মে’ৰ ভিতৰত প্ৰায় ১৬,০০০ পদৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

দুলিয়াজানত চলি থকা আৰক্ষী অধীক্ষকৰ সন্মিলনৰ সময়ত এই নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীয়ে কয়, ‘ৰাজ্যিক আৰক্ষীৰ নতুন কমাণ্ডো বেটেলিয়নৰ বাবে মুঠ ৫০০০ নতুন পদ সৃষ্টি কৰা হৈছে। ইতিমধ্যে, ৰাজ্যিক আৰক্ষীৰ ১১,০০০ পদ খালী হৈ আছে। মই বিভাগটোক ১০ মে’ৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া সমাপ্ত কৰিবলৈ কৈছো’।

অসম চৰকাৰে ৰাজ্যখনৰ বৰ্তমানৰ চৰকাৰৰ প্ৰথম বছৰ সম্পূৰ্ণ হোৱাৰ বাবে ১০ মে’ৰ ভিতৰত ১ লাখ চৰকাৰী চাকৰি নিয়োগ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

বিভিন্ন বিভাগৰ ১ লাখ চাকৰিৰ ভিতৰত অসম চৰকাৰে অসম আৰক্ষীক ১৬,০০০ পদ নিয়োগ কৰাৰ কাম দিছিল।

একেদৰে, শিক্ষা বিভাগক সময়সীমাৰ ভিতৰত প্ৰায় ২৫,০০০ আৰু স্বাস্থ্য বিভাগত ৫০০০ পদ নিয়োগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *