যাত্ৰীবাহী বাছ আৰু চিলিণ্ডাৰভৰ্তি ট্ৰাকৰ সংঘৰ্ষত ৮ জনৰ মৃত্যু, আহত কুৰিৰো অধিক

এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গল ৮ জনকৈ লোকৰ। দুৰ্ঘটনাত আহত হৈছে দুই ডজনৰো অধিক জন।

বুধবাৰে পুৱা ঝাৰখণ্ডৰ চাহিবগঞ্জ-গোবিন্দপুৰ এক্সপ্ৰেছ ঘাইপথৰ পাকুৰ জিলাৰ কামাৰদিহা গাঁৱৰ ওচৰত এখন বাছ আৰু গেছ চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ মাজত সংঘৰ্ষ হয়।

এই ভয়াবহ দুৰ্ঘটনাত দুয়োখন বাহনৰ চালকসহ ৮ জন লোক নিহত হয়। ইয়াৰোপৰি প্ৰায় দুই ডজন লোক আহত হয় দুৰ্ঘটনাত।

A1

আনহাতে ৬-৭ জন যাত্ৰী দুই ঘণ্টাৰো অধিক সময় বাছৰ ভিতৰত আৱদ্ধ হৈ থাকে। ঘটনাস্থলীত সময়মতে গেছ কাটাৰ আহি নোপোৱাত আৱদ্ধ সকলৰ উদ্ধাৰ সম্ভৱ হোৱা নাই।

ঘন কুঁৱলীৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। আৰক্ষী পৰিদৰ্শক মনোজ কুমাৰ আৰক্ষীৰ দলৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

FIULj-Ar-VQAAXd-MB

ইফালে দুৰ্ঘটনাৰ পিছত অঞ্চলটোত এক আতংকই বিৰাজ কৰে। আহত যাত্ৰীসকলৰ আৰ্তনাদ শুনি স্থানীয় ৰাইজ ওলাই আহি যৎপৰোনাস্তি সহায়ৰ চেষ্টা চলায়।

জানিব পৰা মতে, জেএইচ ০৪কে-১৬৯৮ নম্বৰৰ যাত্ৰীবাহী বাছখন পাকুৰৰ পৰা দুমকালৈ গৈ থকা সময়তে বিপৰীত দিশৰ পৰা অহা এখন দ্ৰুতবেগী গেছ চিলিণ্ডাৰভৰ্তি ট্ৰাকে কামাৰদিহা গাঁৱৰ সমীপত বাছখনত খুন্দা মাৰে। যাৰ ফলত ৮ জন লোকৰ মৃত্যু ঘটাৰ লগতে দুই ডজনৰো অধিক লোক আহত হয়।

আহতসকলক চিকিৎসাৰ বাবে সামূহিক স্বাস্থ্য কেন্দ্ৰ আমদাপাৰাত ভৰ্তি কৰোৱা হৈছে। আনহাতে নিহত সকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

ইপিনে, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত চােৰেনে টুইট কৰি এই দুৰ্ঘটনাত গভীৰ শােক প্ৰকাশ কৰিছে। লগতে আহত লােকসকলৰ চিকিৎসাৰ বাবে বিহিত ব্যৱস্থা ল’বলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দশ জাৰি কৰিছে।

লগতে চাওকঃ

পৰিয়ালৰ মুৰব্বীৰ চিকিৎসা কৰি ঘৰলৈ উভতাৰ পথতে নিঃশেষ হ’ল এটা পৰিয়াল

G2

Leave a Comment