১০ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলন, ছিকিমৰ সৈতে যাতায়ত ব্যৱস্থা ব্যাহত…

১০ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলন, ছিকিমৰ সৈতে যাতায়ত ব্যৱস্থা ব্যাহত।

প্ৰবল বৃষ্টিপাতৰ ফলত হোৱা ভূমিস্খলন কাৰণে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ১০ নং ৰাষ্ট্ৰীয় ঘাইপথ।

পাহাৰৰ মাটি আৰু শিল খহি হোৱা ভূমিস্ফলনৰ ফলত ১০ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায় ৭০ মিটাৰ পথ সম্পুৰ্ণ ৰূপে আৱদ্ধ হৈ পৰিছে।

যাৰ ফলত পাহাৰীয় ৰাজ্য ছিকিমৰ সৈতে দেশৰ অন্য প্ৰান্তৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে।

পশ্চিমবংগৰ কালিমপোং অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

ছিকিমৰ চৰকাৰী কাৰ্য্যালয়ৰ তৰফৰ পৰা সোমবাৰে এই কথা প্ৰকাশ কৰা হয়।

ইতিমধ্যে পথছোৱা মুকলি কৰাৰ বাবে বি আৰ অ’ৰ কৰ্মচাৰী সকলে কালিমপোঙৰ ২৯ মাইল অঞ্চলত কাম কৰি আছে।

অতি সোনকালে যাতায়ত ব্যাৱস্থা পুনৰ আৰম্ভ কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে বি আৰ অ’ই।

Leave a Comment