ভাল খবৰ! সা ৰে গা মা লিটল চেম্পছত বিজয়ীৰ মুকুট উত্তৰ-পূবৰ জীয়াৰী জেটছেনৰ শিৰত…

নিউজ ডেস্কঃ পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠিল আন এগৰাকী উত্তৰ-পূবৰ কন্যা।

টিভিৰ জনপ্ৰিয় মিউজিক ৰিয়েলিটী শ্ব’ সা ৰে গা মা লিটল চেম্পছৰ চিজন ৯ত বিজয়ীৰ মুকুট পিন্ধিবলৈ সক্ষম হ’ল ছিক্কিমৰ জেটচেন ডোহনা লামাই।

ছিক্কিমৰ পাকয়ঙৰ এইগৰাকী ৯ বছৰীয়া শিশু শিল্পীয়ে নিজৰ কণ্ঠৰ যাদুৰে হৰ্ষ চিকন্দৰ আৰু ধানেশ্বৰী গদাগেক পৰাস্ত কৰি বিজয়ীৰ খিতাপ অৰ্জন কৰে।

image 64
ভাল খবৰ! সা ৰে গা মা লিটল চেম্পছত বিজয়ীৰ মুকুট উত্তৰ-পূবৰ জীয়াৰী জেটছেনৰ শিৰত… 3

ৰিয়েলিটী শ্ব’ত বিজয়ী হিচাপে জেটছেনে লাভ কৰে ট্ৰফীৰ লগতে ১০ লাখ টকাৰ চেক।

উল্লেখ্য যে, মাত্ৰ ৩ বছৰ বয়সৰ পৰাই গীত গাবলৈ আৰম্ভ কৰা জেটছেনে আৰম্ভণিৰ পৰাই সা ৰে গা মাৰ বিচাৰক আৰু লাখ লাখ ভাৰতীয়ক মোহাচন্ন কৰিবলৈ সক্ষম হৈছিল।

ৰিয়েলিটী শ্ব’টোৰ বিচাৰক তথা বিখ্যাত সংগীত প্ৰযোজক শংকৰ মহাদেৱনে আনকি ‘মিনি সুনিধি চৌহান’ নাম দিছিল জেটছেনক।

image 65
ভাল খবৰ! সা ৰে গা মা লিটল চেম্পছত বিজয়ীৰ মুকুট উত্তৰ-পূবৰ জীয়াৰী জেটছেনৰ শিৰত… 4

অপ্ৰত্যাশিতভাৱে ৰিয়েলিটী শ্ব’টোৰ ফাইনেলত বিজয়ী হৈ আনন্দ ব্যক্ত কৰে জেটছেনৰ লগতে পিতৃ-মাতৃয়ে।

এই খবৰে সুখৰ বাৰ্তা কঢ়িয়াইছে উত্তৰ-পূব বাসীলৈও।